NORTHEAST NOW (Assamese)
Popular Stories

কলিয়াবৰত পৰীক্ষা দি ঘৰলৈ ঘূৰি আহি থকা অৱস্থাতে নিহত হ’ল প্ৰথম শ্ৰেণীৰ দুজনকৈ ছাত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2019 5:43 pm

কলিয়াবৰৰ বৰালিগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি দুটি কণমানি শিশু তথা ছাত্ৰৰ। দুৰ্ঘটনাত নিহত কণমানি শিশু দুটিক জ্যোতিশ্ময় চব্বৰ আৰু মনজিৎ দাস বুলি চিনাক্ত কৰা হৈছে।

নিহত শিশু দুটি কলিয়াবৰৰ বৰালিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল। ঘটমাৰ বিৱৰণি মতে প্রথম শ্ৰেণীৰ ছাত্ৰ দুজনে বিদ্যালয়ৰ পৰা পৰীক্ষা দি ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত তীব্ৰ বেগত নগাওঁ অভিমুখে আহি থকা এখন বাহনে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত ছাত্ৰ দজনে দুৰ্ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰি বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও চামগুৰিত আৰক্ষীয়ে জব্দ কৰে।

মন কৰিব লগীয়া যে ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ব্যাপক হাৰাশাস্তি ভুগিব লগীয়া হৈছে পথচাৰীসকলে। ফ’ৰলেন নিৰ্মাণৰ নামত ৰাস্তাৰ দুয়োকাষে খান্দি পেলোৱাৰ ফলত অঞ্চলটোত সঘনাই দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে।