NORTHEAST NOW (Assamese)
অসম

চৰাইদেউত ৬ গৰাকী আনলা বিদ্ৰোহী উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2019 8:27 pm
UNLA Cadre

বিদ্ৰোহী সংগঠন আনলাক  আঘাত হানি চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত ছয়গৰাকী আনলাৰ সদস্যই আত্মসমৰ্পন কৰে।

সাপেখাতী সেনা ছাউনীত আত্মসমৰ্পন কৰা আনলা সদস্য কেইগৰাকীয়ে সেনাবাহিনীৰ হাতত পিষ্টল, সজীৱ গুলীকে ধৰি বহু আপত্তিজনক নথি-পত্ৰ জমা দি মূলসুতিলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আত্মসমৰ্পন কৰা আনলা সদস্যকেইগৰাকীয়ে আলোচনাপন্থী আনলা গোটৰ পৰা ফালৰি কাটি পুনৰ সসস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল। আনলাই সদস্যকেইগৰাকীয়ে এন এছ চি এন (আই এম)ৰ সহায়ত বিদ্ৰোহী কাৰ্য্যকলাপ চলাই গৈছিল বুলি সেনাবাহিনীৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সোণাৰিত আত্মসমৰ্পন কৰা আনলা সদস্যকেইগৰাকী হ’ল ক্ৰমে- মুখ্য সেনাধ্যক্ষ মেজৰ অনিল ইবক, এৰিয়া কামাণ্ডাৰ দুৰ্গেশ তাঁতী, ৰবাৰ্ট তপ্ন, জিছয়া শৰ, শান্তিয়াল বিৰজীয়া আৰু মজেশ চিক।

সেনাবাহিনীৰ তৰফৰ পৰা মূলসুতিলৈ উভতি অহা বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰা হয়।