NORTHEAST NOW (Assamese)
অসম

তেজপুৰত তেল পৰিবাহী টেংকাৰৰ খুন্দাত মহিলাৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2019 2:12 pm
road accident

শনিবাৰে পুৱা তেজপুৰত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। বিহগুৰি ডেইলি বজাৰৰ সমীপত সংঘটিত উক্ত দুৰ্ঘটনাটোত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ লগতে আন এগৰাকী গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে আজি পুৱা মহিলা দুগৰাকীয়ে পথৰ দাঁতিত ৰৈ থকাৰ সময়তে এখন তেল পৰিবাহী টেংকাৰে মহতিয়াই দুয়োগৰাকীকে লৈ যায়। ফলত মঞ্জুমা বেগম নামৰ মহিলা গৰাকী থিতাতে নিহত হোৱাৰ লগতে হানিছা বেগম নামৰ আন গৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

পিছত দুৰ্ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজৰ সহযোগত আহত হানিছা বেগমক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই টেংকাৰখনৰ চালক গৰাকীয়ে তাৰ টেংকাৰখন এৰি তাৰ পৰে পলায়ন কৰে। উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত শ শ যান-বাহন আবদ্ধ হৈ পৰে।