NORTHEAST NOW (Assamese)
Popular Stories

কৈলাশ খেৰে পাঁচ লাখত নিলামত কিনিছিল সুধাকণ্ঠৰ চিৰলগৰী হাৰমিনয়ামটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2019 9:47 am

নিলামত বিক্ৰী হ’ল জনতাৰ শিল্পী তথা বিশ্বশিল্পী ড০ ভূপেন হাজৰিকাৰ অতি মৰমৰ হাৰমনিয়ামটো। বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে পাঁচ লাখ টকাত ক্ৰয় কৰিছে সুধাকণ্ঠৰ সৈতে ছাঁৰ দৰে থকা হাৰমনিয়মাটো। এই কথা সদৰী কৰিছে খোদ চুফী সম্ৰাটগৰাকীয়ে।

২১ জুনত ভৰলুমুখস্থিত সোণাৰাম খেলপথাৰত জিলা প্ৰশাসন তথা পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা অম্বুবাচা মেলাৰ উদ্বোধনী অনুষ্ঠানৰ সংগীতানুষ্ঠানত অংশ গ্ৰহণৰ বাবে অহা শিল্পীগৰাকীয়ে সুধাকণ্ঠৰ বিষয়ত সোধা এক প্ৰশ্নৰ সন্দৰ্ভত এইদৰে ব্যক্ত কৰে।

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কয় যে, ‘ড০ ভূপেন হাজৰিকা প্ৰকৃতাৰ্থত এগৰাকী ভাৰত ৰত্ন আছিল। তেঁওৰ গীতসমূহ কেৱল মনোৰঞ্জনৰ বাবে নাছিল। সংগীতৰ সাধক আছিল ড০ ভূপেন হাজৰিকা। সেইগৰাকী সংগীতৰ সাধক ড০ হাজৰিকাৰ অমূল্য হাৰম’নিয়মাটো মোৰ লগত আছে। কোনোবা এক সংস্থাৰ দ্বাৰা নিলাম হোৱা হাৰমনিয়ামটো মই পাঁচ লাখ টকাত ক্ৰয় কৰিছো। মই তেঁওৰ গীতসমূহ গাই যাম। কিন্তু অলপ ব্যতিক্ৰম ধৰণে লগতে স্থানীয় আৰু হিন্দী ভাষাটো গাম।’