NORTHEAST NOW (Assamese)
অসম

২০২১ লৈকে সৰ্বানন্দ সোণোৱালে বিয়া নপতাটোৱে ভাল : নাগা বাবাৰ সভাপতি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 23, 2019 10:38 pm
070a06c9-e00e-4e64-bad8-bf6ae405021b

‘’২০২১ লৈকে সৰ্বানন্দ সোণোৱালে বিয়া নপতাটোৱে ভাল। অসমৰ বাবে নায়ক সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ বিয়া পতাৰ আৰু সময় আছে। তেওঁৰ ইমান বয়স হোৱা নাই। ২১’ৰ পাছত বিয়া পাতিলে বেয়া নহ’ব।‘’ নীলাচল ধামত মহা অম্বুবাচী মেলা চলি থকাৰ সময়তে অসমৰ মুখ্য মন্ত্ৰীক কেন্দ্ৰ কৰি এই মন্তব্য নাগাবাবাৰ সভাপতি তথা মহা মন্দলেশ্বৰ স্বামী গণেশনন্দ গিৰিজি মহাৰাজৰ।

ইফালে, সৰ্বানন্দ সোণোৱালে কিয় বিয়া পাতিব নালাগে তাৰো কাৰণ বাখ্যা কৰিলে গিৰিজি মহাৰাজে।

তেওঁ কয়, ‘‘তেওঁ বিয়া পাতিলে তেওঁৰ পত্নীৰ কথা চিন্তা কৰিব নে দেশৰ চিন্তা কৰিব? তাৰ পাছত ল’ৰা-ছোৱালী হ’ব, বেবীফুড বনাব লাগিব। বিয়া পাতিলেই তেওঁ ঘোচ খোৱা আৰম্ভ কৰিব লাগিব। সোণোৱালে কেতিয়াও চোৰ নকৰে। কাৰণ তেওঁ গৰীৱ ঘৰৰ ল’ৰা। গৰীৱৰ দুখ-দুৰ্দশা তেওঁ জানে। বিয়া পাতিলেই তেওঁৰ লগলৈ শিক্ষিত-ডাঙৰ ছোৱালী আহিব। ফেশ্যন কৰিব। তেতিয়া অসমত চৰকাৰ চলোৱাত দিগদাৰ হ’ব। এইটো যুক্তিসংগত কথা। বান্ধোনত সোমাই পৰিলে তেওঁ সংগ্ৰামী হ’ব নোৱাৰিব।‘‘

আনহাতে, ২০২১ ত সংবাদ মাধ্যমে নিৰপেক্ষ ভুমিকা পালন কৰিলে সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্য মন্ত্ৰী হ’ব বুলি উল্লেখ কৰি লগতে কয়, ‘’তেওঁ আৰু পাঁচবছৰ মুখ্য মন্ত্ৰী হোৱাৰ পাছত তেওঁক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেখা পাব।‘’

ইপিনে, কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰাৰ সময়ত গিৰিজি মহাৰাজক সাক্ষাৎ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয়, ‘’কালি তেওঁৰ ওচৰত এটা দাবী ৰাখিছো যে বিভিন্ন ঠাইৰ পৰা বাবাসকল আহিছে যদিও পায়খানা কৰিবলৈ বহুত অসুবিধা। তেওঁ নিৰ্মাণ কৰাৰ আশ্বাস দিছে।‘’

তদুপৰি, সৰ্বানন্দ সোণোৱালক সৰুৰে পৰা পাইছিল বুলি মন্তব্য কৰি তেওঁ কয়, ‘’তেওঁ মাজে সময়ে মোৰ ওচৰত আহি থাকে। সোণোৱাল বহুত সুন্দৰ ল’ৰা, কন্ঠটো বহু সুন্দৰ।‘’

আনহাতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰক্ৰিয়াক লৈয়ো মন্তব্য কৰে মহাৰাজে। লগতে এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলকো কটাক্ষ কৰে।

‘’এনআৰচিত সংঘাত কৰিব মিঞা বিলাকে। বদৰুদ্দিন আজমল বৰ বেয়া বস্তু, তেওঁ আগতে আগৰৰ বেপাৰী আছিল। অসমত যিমান বিপদ সৃষ্টি কৰি আছে সেয়া আজমল। এনআৰচিত তেওঁলোকে জঁট লগাব নোৱাৰিব, অমিত শ্বাহ আছে, একদম গেট আউট, দৰকাৰ হ’লে আৰ্মী যোগাৰ কৰিব,‘’-তেওঁ এইদৰে কয়।