NORTHEAST NOW (Assamese)
অসম

পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাৰ

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী June 25, 2019 8:58 am
Apurba-Sarma-Barua-576x375

সোমবাৰে বাইহাটা চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত অপূৰ্ব কুমাৰ শৰ্মা বৰুৱা (৫৭) নামৰ এগৰাকী প্ৰাক্তন আছু নেতাৰ মৃত্যু হয়। প্ৰাক্তন আছু নেতা গৰাকীৰ এই কৰুণ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে মঙলদৈবাসী।

জানিব পৰা মতে অপূৰ্ব কুমাৰ শৰ্মা বৰুৱা আৰু তেওঁৰ পত্নী জ্যোতিস্মিতা শৰ্মা বৰুৱাই সোমবাৰে ব্যক্তিগত বাহনেৰে মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি আছিল। আৰু তেনে সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত ঘটনাস্থলতে মৃত্যু হয় অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাৰ।

ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাৰ পত্নী জ্যোতিস্মিতা শৰ্মা বৰুৱা। লগে লগে তেওঁক উত্তৰ গুৱাহাটীস্থ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমানো চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ঐতিহাসিক অসম আন্দোলনৰ সময়ত নিষ্ঠা তথা সক্ৰিয়তাৰে ছাত্ৰ সন্থাৰ হৈ কাম কৰাৰ উপৰি মঙলদৈ জিলা ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। তদুপৰি মঙলদৈ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল।

এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ অকাল বিয়োগত মঙলদৈ চহৰৰ লগতে জন্মস্থান আওলাচৌকাৰ বৈনাওজাত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

গড়কাপ্তানী বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত অপূৰ্ব কুমাৰ শৰ্মা বৰুৱাই মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়।