NORTHEAST NOW (Assamese)
অসম

১ লাখ টকাৰ লটাৰী ১০ হাজাৰ টকাৰ বেঙেনা – অসম পুলিচৰ সতৰ্ক বাণী

Posted by: পিয়ুষ ৰঞ্জন বৰদলৈ Updated by: পিয়ুষ ৰঞ্জন বৰদলৈ June 27, 2019 3:38 pm
Bank Fraud

আপোনাৰ মোবাইলতো হয়তো কেতিয়াবা মেচেজ আহে যে আপুনি ১০,০০,০০০ টকাৰ লটাৰী জিকিল। হয়তো কেতিয়াবা কোনো মানুহে আপোনাক ফোন যোগে জনাই। এয়া কোনো নতুন কথা নহয়।

বৰ্তমান সময়ত ইণ্টাৰনেটৰ ব্যবহাৰ বহুল ভাবে হোৱা বাবে ই মানুহৰ সময় লাঘৱ কৰিবলৈ সক্ষম হৈছে কিন্তু কিছু কিছু মানুহৰ কাৰণে ইণ্টাৰনেট হৈ পৰিছে থগবাজিৰ অন্য এক সমল।


তলত বৰ্ণনা কৰা ঘটনা দুটা হয়তো আপুনি নিজৰ জীৱনত কেতিয়াও হোৱাটো নিবিচাৰিব।

ঘটনা ১

প্ৰথমজন ভুক্তভোগী হৈছে ৭৫ বছৰীয়া, গজন্দ্ৰ নাথ তালুকদাৰ। গুৱাহাটী বেলতলাৰ লখিমী পথৰ নিবাসী। তালুকদাৰ আছিল ভাৰতীয় জলবায়ু বিভাগৰ প্ৰাক্তন চাকৰিয়াল আৰু তেওঁ ভাৰতীয় ষ্টেট বেংকৰ দিচপুৰ শাখাৰ এজন উপভোক্তা।

২৪ মে তাৰিখে তালুকদাৰে  লাভ কৰিছিল ৩ টা বিশেষ SMS যিয়ে পলকতে চিন্তিত কৰি তুলিছিল তেওঁক। SMS  তিনিটা আহিছিল দিনৰ ১১:৪৫ ৰ পৰা ১১:৪৮ ৰ ভিতৰত আৰু মাত্ৰ ৩ মিনিটৰ ভিতৰতে তেওঁৰ একাউণ্টৰ পৰা নাইকীয়া হৈছিল ১ লাখ টকা। কিন্তু কেনেকৈ?

বেংকত খবৰ কৰোতে তেওঁ জানিবলৈ পায় যে ৮০,০০০ টকা কোনোবা মিথিলেষ কুমাৰৰ একাউন্তত জমা হৈছে।

ঘটনা ২

পৃথিৱীৰ এটা লেখতলবলগীয়া অনুষ্ঠান হৈছে TechCrunch। যোৱাবছৰ TechCrunch য়ে কৈছিল যে ভাৰতীয় ষ্টেট বেংকৰ বহু উপভোক্তাৰ একাউণ্ট নম্বৰ,একাউণ্ট সম্বন্ধীয়া অন্য তথ্য আৰু ইণ্টাৰনেট বেংকিংৰ Password দুষ্ট চক্ৰৰ হাতত পৰিছে। কিয়নো বেংকটোৱে তেওঁলোকৰ Sever-ৰ কেইটামান শাখা সুৰক্ষিত কৰিব পৰা নাই আৰু যাৰ বাবে এই তথ্য সমূহ দুষ্ট চক্ৰৰ হাতত পৰিছে।

এতিয়া কথাহ’ল আপোনাৰ কষ্ট উপাৰ্জিত ধন বাৰু সুৰক্ষিত নে?

নিজৰ সঞ্চিত ধন কেনেকৈ সুৰক্ষিত কৰিব

১. আপোনাৰ একাউণ্ট নম্বৰ কেতিয়াও ছেয়াৰ নকৰিব।

২. নিজৰ মোবাইলত বেংক একাউন্ট সম্বন্ধীয় যিকোনো তথ্য পাবলৈ SMS সক্ৰিয় কৰি ৰাখক।

৩. ধন উলিওৱাৰ সময়ত মেছিনটো এবাৰ পৰীক্ষা কৰক।

৪. নিজৰ পিনকোড সদায় ধাকি ৰাখি ‘Enter’ কৰিব।

৫. আপোনাক জিকোনো একাউন্ট সম্বন্ধীয় প্ৰশ্ন থাকিলে বেংক কৰ্মচাৰীৰ লগত আলোচনা কৰক।

সাবধান হওঁক, সতৰ্ক হওঁক। নিজৰ সাঁচতীয়া ধনত বেলেগৰ নজৰ পৰিব নিদিব। ‘ইজি মানি’ৰ ধান্দাত সাঁচতীয়া ধনৰ ‘চুনা’ নলগাব ।