NORTHEAST NOW (Assamese)
অসম

‘টেট পৰীক্ষাৰ বাবে বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী!’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2019 4:24 pm
Assam TET statement

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব বিচৰা ‘টেট’ পৰীক্ষা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয় যে ‘টেট’ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে বি এড বা ডি এল এড ডিগ্ৰী থকাতো বাধ্যতামূলক নহয়।

ভট্টাচাৰ্য্যই অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পৰীক্ষাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা কিমান হ’ব সেই সম্পৰ্কে অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষা বিভাগে বিভাগীয় জাননী জাৰি কৰিব বুলি উল্লেখ কৰে।

আনহাতে, শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি পাবৰ বাবেহে বি এড বা ডি এল এড ডিগ্ৰীৰ প্ৰয়োজন ‘টেট’ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ ক্ষেত্ৰত আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বা অন্য পৰীক্ষাত নূন্যতম ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব বুলিও ভট্টাচাৰ্য্যই মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, শিক্ষা বিভাগৰ পৰা লাভ কৰা সূত্ৰ অনুসৰি চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ফালে ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ৰাজ্য চৰকাৰে পূৰ্বে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা বহু সংখ্য পৰীক্ষাৰ্থীয়ে এতিয়াও নিযুক্তি লাভ কৰিবলৈ বাকী আছে এনে ক্ষেত্ৰত নতুনকৈ টেট পাতি কিমান সংখ্যক নিবনুৱাক সংস্থাপন দিবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ব সেয়া সময়েহে ক’ব।