NORTHEAST NOW (Assamese)
অসম

শদিয়াত ‘ছাত্ৰ বিক্ষোভ’ কাৰ্যসূচী ৰূপায়ণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 28, 2019 8:56 am
FB_IMG_1561646450808

শদিয়া মহাবিদ্যালয়ৰ কেইবাটাও দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত শদিয়াত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক উত্তাল ‘ছাত্ৰ বিক্ষোভ’ কাৰ্যসূচী ৰূপায়ণ কৰে।

১৯৮২ চনতেই স্থাপিত শদিয়া মহাবিদ্যালয়ত ‘বিজ্ঞান শাখা’ প্ৰৱৰ্তন আৰু স্নাতক মহলাৰ ‘বাণিজ্য শাখা’ৰ প্ৰাদেশীকৰণৰ লগতে শদিয়াস্থিত নৱ নিৰ্মিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো অতি শীঘ্ৰে পাঠদানৰ বাবে মুকলি কৰাৰ দাবীত শদিয়া মহাবিদ্যালয়ৰ প্ৰাংগনৰ পৰা শদিয়া মহকুমাধিপতি কাৰ্যালয়লৈ ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দাবীসমূহ যদি অতি শীঘ্ৰেই পূৰণ কৰা নহয় তেন্তে আগন্তক সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তিনিচুকীয়া জিলাৰ অন্তৰ্গত শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত জংগী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰতিবাদীকাৰী সকলে হুংকাৰ প্ৰদান কৰে।

বৃহস্পতিবাৰৰ কাৰ্যসূচীত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্ত, সাধাৰণ সম্পাদক বিজু হাজৰিকা আৰু উমানন্দ মুদৈ মৰাণৰ লগতে কাৰ্যকৰী সভাপতি সমৰজ্যোতি শইকীয়া আৰু শদিয়া মহকুমা সমিতিৰ সাধাৰণ সম্পাদক নিতুল চাবুকধৰা, জয়দীপ গগৈৰ লগতে শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আকাশদ্বীপ গগৈ।