NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ বিহালীত স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 1, 2019 7:29 pm

কালি অৰ্থাৎ দেওবাৰে নিশা বিশ্বনাথৰ বিহালী সমষ্টিৰ কুলাগুৰিত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। কুলাগুৰিৰ গোলাপ গোৱালা (৬৫) নামৰ লোকজনে বিয়লি ভাগত নিজ পত্নীক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে।

প্ৰাপ্ত তথ্য মতে, বিয়লি বজাৰ কৰি গোলাপ গোৱালাই ঘৰত প্ৰৱেশ কৰিছল, সেই সময়ত তেওঁলোকৰ ঘৰত গোলাপ গোৱালা আৰু তেওঁৰ পত্নী গোলাপী গোৱালাৰ (৫৫) বাহিৰে আন কোনো নাছিল বুলি ওচৰ চুবুৰীয়াই জানিবলৈ দিয়ে।

ইয়াৰ অলপ সময়ৰ পিছতে, তেওঁলোকৰ নাতিনীয়েকে ঘৰটোত প্ৰৱেশ কৰি আইতাকৰ নিথৰ দেহ প্ৰত্যক্ষ কৰাত চুবুৰীয়াৰ ঘৰত থকা দেওটাতক খবৰ দিয়াতহে হত্যাকাণ্ডটোৰ কথা পোহৰলৈ আহে। হত্যাকাণ্ডৰ খবৰ পাই বিহালী আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক বিমান গগৈৰ নেতৃত্বত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোক উদ্ধাৰ কৰে।

আনহাতে হত্যাকাৰী গোৱালাই পিছত বিহালী আৰক্ষী থানাত নিজে হাজিৰ হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে বুলি আৰক্ষীৰ সূত্ৰই জনায়।