NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বাজেটত ঘোষণা : আয়কৰ আদায় দিয়াৰ বাবে পান কাৰ্ডৰ প্ৰয়োজন নাই, আধাৰ কাৰ্ডে যথেষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2019 8:43 pm
Adhar Card is enough for filling ITR

উত্তৰ-পূব তথা সমগ্ৰ ভাৰতবৰ্ষৰ আয়কৰ দাতা সকলৰ বাবে ভাল খবৰ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে বাজেট দাখিল কৰাৰ সময়ত এতিয়াৰ পৰা নাগৰিকসকলে আধাৰ কাৰ্ডত থকা নম্বৰ অন্তৰ্ভূক্ত কৰিয়ে কৰ আদায় দিব পাৰিব, ইয়াৰ বাবে পান কাৰ্ড বাধ্যতামূলক নহয় বুলি ঘোষণা কৰে।

সীতাৰমনে কৰদাতা সকলৰ সুবিধাৰ বাবে পান কাৰ্ড আৰু আধাৰকাৰ্ডৰ বিনিময়যোগ্যতাৰ বিষয়ে ঘোষণা কৰে।

বিত্ত মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবেই এতিয়াৰে পৰা দেশৰ কৰ দাতা সকলে আধাৰ কাৰ্ডৰ সহায়ত টেক্স আদায় দিব পাৰিব। কৰদাতা সকলৰ বাবে আধাৰ কাৰ্ড নম্বৰ বাধ্যতামূলক কৰা হৈছে।

বিত্তমন্ত্ৰীৰ সিদ্ধান্তৰ পাছতে কৰদাতা সকলৰ বাবে পান কাৰ্ড নোহোৱাকৈ আয়কৰ আদায় দিয়া সহজ হৈ পৰিব।

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত আদকৰ আদায় দিয়া আৰু পান আৱন্তত দিয়াৰ ক্ষেত্ৰত আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছিল। শীৰ্ষ আদালতে সমগ্ৰ বিষয়টো আয়কৰ আধিনিয়মৰ ১৩৯ ধাৰাৰ অধীনত বাহাল ৰাখিছিল।

আনহাতে, উচ্চতম ন্যায়ালয়ে আধাৰ নম্বৰক বেংক একাউণ্টৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক নহয় বুলি নিৰ্দেশ দিছিল।