NORTHEAST NOW (Assamese)
অসম

এসপ্তাহে সন্ধানহীন শিৱসাগৰৰ যুৱক, শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 8, 2019 10:27 am

যোৱা ২ জুলাইৰ পৰা শিৱসাগৰৰ ২৭ বছৰীয়া এজন যুৱক নিৰুদ্দেশ হৈ আছে। নিৰুদিষ্ট যুৱক জনৰ নাম অমৃত কৰ্মকাৰ।

ঘটনাৰ বিৱৰণি মতে শিৱসাগৰ চহৰৰ লাচিত নগৰৰ বাসিন্দা স্বপন কৰ্মকাৰৰ পুত্ৰ আমৃত কৰ্মকাৰ যোৱা ২ জুলাই দুপৰীয়াৰ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে অমৃতৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত অমৃতৰ পৰিয়ালে এই সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও বৰ্তমানলৈকে যুৱকজনৰ শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

অতি অমায়িক স্বভাৱৰ অমৃত কৰ্মকাৰ নামৰ যুৱক জন আজি এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাক পৰিয়ালৰ লগতে স্থানীয় ৰাইজেও সহজভাৱে ল’ব পৰা নাই।

প্ৰায় ৫ ফুট উচ্চতাৰ যুৱকজনে নীলা টি চাৰ্ট আৰু কলা লং পেন্ট পৰিধান কৰি আছিল। কোনো সদাশয় ব্যক্তিয়ে উক্ত যুৱক জনৰ সন্ধান পালে শিৱসাগৰ আৰক্ষী থানাত বা 9854106828 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে।