NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগ ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এপ মুকলি

Posted by: এন ই নাও নিউজ January 26, 2018 6:58 pm
NE-TAXI

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এটা এপ মুকলি কৰা হৈছে।

এই এপটো আৰু এন ই টেক্সি ৱে’বছাইটটোৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে নিজৰ প্ৰয়োজন অনুসৰি (customised) সৰ্বাধিক এবছৰ পূৰ্বেই ভ্ৰমণসূচী আৰক্ষণ কৰিব পৰা যাব।

উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগক সামৰি লোৱা এই এপটো প্ৰস্তুত কৰিছে ২৩ বছৰীয়া ৰেৱাজ চ্চেত্ৰিয়ে।

এপটোৰ যোগেদি ভ্ৰমণকাৰীসকলে স্থানীয় এলেকা পৰিদৰ্শন, দূৰণিবটীয়া ঠাইলৈ যোৱা বা অহা-যোৱা দুয়োটা ভ্ৰমণ বা ভ্ৰমণ পেকেজৰ বাবে সৰু-বৰ গাড়ী ভাড়ালে ল’ব পাৰিব।

ওপৰা-উপৰি আৰক্ষণ ৰোধ কৰাৰ বাবে গ্ৰাহকলৈ তেওঁ ভ্ৰমণ আৰক্ষণ কৰাৰ লগে লগে গাড়ীচালকৰ সৱিশেষ প্ৰেৰণ কৰা হ’ব। গাড়ীচালকসকল কোম্পানিটোৰদ্বাৰা পৰীক্ষিত আৰু তেওঁলোকে হিন্দী আৰু ইংৰাজী দুয়োটা ভাষা ক’ব পাৰে।

এই নতুন কোম্পানিটোৰ ৬৫ টা স্থানত ৮০০ গাড়ী আছে আৰু ই ইতিমধ্যে ১৫ লাখ টা ভ্ৰমণ পৰিচালনা কৰিছে।

কোম্পানিটোৰ ফালৰ পৰা জনোৱা অনুসৰি তেওঁলোকৰ সেৱা আৰক্ষণ কৰা সৰহস্ংখ্যকেই মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ পৰিয়াল।

এন ই শ্বেয়াৰ নামৰ এক নতুন সুবিধাও কোম্পানিটোৱে আগবঢ়াইছে যাৰ জৰিয়তে একেখন গাড়ীকে কেবাজনো গ্ৰাহকে সহযাত্ৰী হিচাপে ভগাই ল’ব পাৰিব।