NORTHEAST NOW (Assamese)
অসম

বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ আক্ৰমণত হাত ছিগিল বি এছ এফ জোৱানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2019 10:21 pm
BSF jawan loses hand in Bangladeshi cattle smugglers’ attack with bombs

পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত বুধবাৰে নিশা বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ বোমা আক্ৰমণত হাত ছিগি গৈছে আনিছুৰ ৰেহমান নামৰ এজন বি এছ এফ জোৱানৰ।

বাংলাদেশী চোৰাং গৰু বেপাৰীৰ ২৫ জনীয়া দল এটাৰ দলবদ্ধ বোমা আক্ৰমণত কৰ্তব্যৰত কনিষ্টবলগৰাকীৰ সোঁ-হাতখন ছিগি গৈছে।

দেশীয় বোমাৰে কৰা আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে ২৪ পৰগনা জিলাৰ বনগাঁৱৰ সমীপৰ আংৰেইলত।

ঘটনাস্থলীত জোৱানজনৰ সতীৰ্থসকল লগে লগে আহি উপস্থিত হোৱাত চোৰাং বেপাৰীৰ দলটো আন্ধাৰত পলাই যায়।

বাতৰি মতে, চোৰাং বেপাৰীৰ দলটোৱে ১০-১৫জনীয়া গৰুৰ জুম এটা সীমা পাৰ কৰোৱাৰ চেষ্টা কৰিছিল। কিন্তু কনিষ্টবল আনিছুৰ ৰেহমানে তেওঁলোকক বাধা দিয়াত দলটোৱে দা, লাঠী, টৰ্চ লৈ জোৱানজনক বেৰি ধৰে আৰু দুটাকৈ বোমা নিক্ষেপ কৰে।

তাৰে এটা বোমা তেওঁৰ হাতত লগাত সোঁ-হাতখন ছিগি যায়।

চোৰাং বেপাৰী দলটোক সীমান্তৰ ২০০ মিটাৰ ভিতৰত ভাৰতীয় ভূখণ্ডৰ  BP NO.17/125ৰ সমীপত পোৱা গৈছিল।

ঘটনাটোৰ পিছতে ভাৰত-বাংলা সীমান্তত সতৰ্কীকৰণ জাৰি কৰা হৈছে।

ক’লকাতাস্থিত বি এছ এফৰ মহাপৰিদৰ্শকে ঘটনাটো অতি গুৰুত্বসহকাৰে লৈ বি এছ এফৰ সকলো গোটকে ভাৰত-বাংলা সীমাত সক্ৰিয় চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি লোৱাৰ নিৰ্দেশ দিছে।