NORTHEAST NOW (Assamese)
অসম

প্ৰলয়ংকাৰী বানৰ সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ; ভিন্ন স্থানত পুনৰ দুজন লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2019 2:28 pm

এফালে ৰাজ্যত প্ৰলয়ংকাৰী বানে বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰিছে আনফালে সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে।

দৰং জিলাৰ এজন ব্যক্তি আজি পুৱতি নিশা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে। নিহত ব্যক্তিজনক জিলাখনৰ ছিপাঝাৰৰ তুৰাই গাঁৱৰ কমৰুজ জামান (৭২) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে কমৰুজ ২২ জুনৰ পৰা মহানগৰীৰ ৰহমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। অৱশেষত আজি নিজ বাসগৃহতে মৃত্যুক আঁকোৱালি লয়।

আনহাতে তেজপুৰতো আন এজন ব্যক্তিয়ে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। মৃত লোকজনক পাৰ্বতী নগৰৰ তৰুণ বৰা বুলি চিনাক্ত কৰা হৈছে।

তৰুণ বৰা গুৱাহাটীত চিকিৎসাধীন হৈ আছিল আৰু আজি পুৱা ৬ বজাত মৃত্যু মুখত পৰে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা তৰুণ বৰা ধেমাজিৰ ডি আৰ ডি এত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।