NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ ৰংজুলিত ‘প্ৰয়াস’ৰ উদ্যোগত গণিতৰ বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা July 15, 2019 4:43 pm

গোৱালপাৰা জিলাৰ ৰংজুলি অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা অনুষ্ঠান ‘প্ৰয়াস’ৰ উদ্যোগত গণিত বিষয়ত আয়োজন কৰা তিনি দিনীয়া বিনামূলীয়া কৰ্মশালাখনৰ দেওবাৰে সফল সামৰণি পৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণিত বিষয়টোক মনোগ্ৰাহী কৰি তোলাৰ বাবে ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ আয়োজন কৰা হৈছিল ‘অংক নহয় জংক পংক’ শীৰ্ষক কৰ্মশালাখন। ১২ জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাটোত অংশগ্ৰহণ কৰা ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৫ গৰাকী সমল ব্যক্তিয়ে হাতে-কামে পাঠদান আগবঢ়ায়।

কালি দিনৰ ১১ বজাত ‘প্ৰয়াস’ৰ সভাপতি ৰাজেন ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ক্ষীৰোদ খাখলাৰী, ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভাস্কৰ চৌধুৰী ইত্যাদি।

অনুষ্ঠানত দুগৰাকী সমল ব্যক্তি হিমাংশু পাটগিৰী আৰু মৃদুল কুমাৰ ৰাভাই ছাত্ৰ-ছাত্ৰীসকলক গণিতৰ প্ৰতি থকা অহেতুক ভয় আঁতৰাই নিয়মিত অনুশীলনেৰে ইয়াক আমোদজনক বিষয় হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাৰ উক্ত সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।