NORTHEAST NOW (Assamese)
Popular Stories

SSCৰ বৃহৎ নিয়োগ ; চাওক গুৰুত্বপূৰ্ণ অফিচিয়েল জাননী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2019 2:44 pm

ষ্টাফ ছিলেকচন কমিছন (SSC)ৰ অধীনত অনুষ্ঠিত কনিষ্টবল (জি ডি) আৰু ৰাইফলমেন (জি ডি) পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ শাৰীৰিক সক্ষমতা পৰীক্ষা (PET) আৰু শাৰীৰিক গুণাগুণ পৰীক্ষা (PST) অহা ১ আগষ্টৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

SSCৰ ৱেবছাইটত প্ৰকাশিত এক জাননী অনুসৰি যিসকল প্ৰাৰ্থীয়ে ২০১৮ চনত অনুষ্ঠিত CAPF, NIA, SSFৰ কনিষ্টবল (জি ডি) আৰু অসম ৰাইফলছৰ ৰাইফলমেন (জি ডি) লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে উক্ত PET/PST পৰীক্ষাত বহিব লাগিব।

জাননীটোত লগতে যদি প্ৰাৰ্থীৰ তথ্য/ৰিজাল্ট সন্দৰ্ভত কিবা খেলি-মেলি ধৰা পৰে তেন্তে তাক অহা ৩১ জুলাইৰ পূৰ্বে এছ এছ চিৰ সংশ্লিষ্ট আঞ্চলিক কাৰ্য্যালয়ৰ দৃষ্টিগোচৰ কৰাবলৈ কোৱা হয়। দৃষ্টিগোচৰ কৰাবলৈ অনাৰ সময়ত প্ৰাৰ্থীসকলক অনলাইন আবেদনপত্ৰ আৰু পৰীক্ষাৰ ষ্ক’ৰৰ এটা প্ৰিণ্ট আউট কপি লগত লৈ আনিবলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে যোৱা ২৬ জুনত এছ এছ চিয়ে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল। আনহাতে ৫ জুলাইত SSCৰ অফিচিয়েল ৱেবছাইতত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ নম্বৰসমূহ আপল’ড কৰা হয়।

অফিচিয়েল জাননীৰ PDF ৰ বাবে ইয়াত ক্লিক কৰক।