NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপত অনুৰাগীক হতাশ কৰা টীম ইণ্ডিয়াক গুৱাহাটীত প্ৰত্যাহ্বান জনাব জিম্বাবুৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2019 6:11 pm
Indian Cricket Team

বিশ্বকাপত ক্ৰিকেট অনুৰাগীক হতাশ কৰি ছেমি ফাইনেলৰ পৰা বিদায় লোৱা টীম ইণ্ডিয়াক গুৱাহাটীত প্ৰত্যাহ্বান জনাব জিম্বাবুৱে।

অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিবলগীয়া জিম্বাবুৱে ক্ৰিকেট দলটোৱে পাঁচ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্রথমখন টি-২০ ত ঘৰুৱা দল ভাৰতৰ মুখামুখি হ’ব।

উল্লেখযোগ্য যে, ২০২০ বৰ্ষৰ জানুৱাৰিত ভাৰত ভ্ৰমণলৈ আহিবলগীয়া জিম্বাবুৱে ক্ৰিকেট দলটোৱে ভ্ৰমণসূচীত তিনিখন টি-২০ খেলত অংশগ্ৰহণ কৰিব।

শৃংখলাৰ প্ৰথমখন টি-২০ খেল গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় খেল দুখন অনুষ্ঠিত হ’ব ক্ৰমে সাত জানুৱাৰিত ইন্দোৰত আৰু দহ জানুৱাৰিত পুণেত।

নৱ নিৰ্মিত অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২০১৭ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল (টি-২০) অনুষ্ঠিত হৈছিল য’ত ভাৰতীয় দলটো পৰাস্ত হৈছিল।

আনহাতে, বিগত বৰ্ষত বৰ্ষাপাৰাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্রথমখন এদিনীয়া খেল অনুষ্ঠিত হৈছিল য’ত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্দে বিজয়ী হৈছিল।

প্ৰথম দুখন খেলৰ দৰে জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া খেলখনতো দৰ্শকে একেধৰণৰ সহাৰি দিব বুলি আশা কৰা হৈছে।