NORTHEAST NOW (Assamese)
অসম

প্রথমবাৰৰ বাবে অসমত এন আৰ চি প্ৰকাশকলৈ আশংকা ব্যক্ত কৰিছে বাংলাদেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2019 10:28 am
Logo_of_NRC_Assam-1140x570

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকাশকলৈ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বাংলাদেশ চৰকাৰে আশংকা ব্যক্ত কৰিছে।

বাতৰি অনুসৰি, বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমিনে অলপতে এটা স্থানীয় টেলিভিশ্যন চেনেলত ব্যক্ত কৰিছিল যে যদিওৱা অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া তেওঁৰ দেশৰ চিন্তাৰ এক বিষয় নহয়, তথাপি ইয়াত কিছু আশংকা দেখা গৈছে।

তেওঁৰ উদ্ধৃতিৰে এইবুলি কোৱা হৈছে যে তেওঁৰ দেশখনে ইতিমধ্যে ৰোহিঙিয়া শৰণাৰ্থীৰ বোজা বহন কৰিছে আৰু সেয়ে বাংলাদেশে অধিক যিকোনো বিতাড়ণকাৰীক গ্ৰহণ কৰিব নোৱাৰে।

অৱশ্যে, এন আৰ চি প্ৰকাশৰ পাছত অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত হোৱা সকলক ক’লৈ বিতাড়িত কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মোমিনৰ উদ্ধৃতিৰে লগতে এইবুলিও কোৱা হৈছে যে অসমৰ বঙালী মূলৰ লোকসকল অসমত বিগত ৭৫ বছৰ ধৰি বাস কৰি আছে আৰু তেওঁলোক ভাৰতীয় নাগৰিক।

উল্লেখযোগ্য যে, প্ৰথম এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পাছত প্ৰায় ৪০ লাখ সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীৰ নাম ওলোৱাৰ সময়ত বাংলাদেশে সাধাৰণভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে ইয়াৰ লগত তেওঁলোকৰ কোনো লেনা-দেনা নাই।