NORTHEAST NOW (Assamese)
অসম

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ দুটা বিত্তীয় বৰ্ষত কেন্দ্ৰই আগবঢ়োৱা বিশেষ পেকেজ অতি নগন্য 

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 19, 2019 6:27 pm
assam_tea-680x365

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰে দুটাকৈ বিত্তীয় বৰ্ষত সামান্য পৰিমাণৰ পুঁজিহে অনুমোদন জনাইছে। শুকুৰবাৰে ৰাজ্যসভাৰ মজিয়াত ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ বক্তব্যত প্ৰকাশ পাইছে এই তথ্য।

অসমৰ ক্ষুদ্র চাহ খেতিয়ক সকলৰ সাহায্যৰ বাবে কেন্দ্রই বিশেষ পেকেজৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বুলি সাংসদ ৰিপুন বৰাই প্ৰশ্ন কৰিছিল।

বৰাৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ বাবে দুটা বিত্তীয় বৰ্ষৰ ২০১৭-১৮ ত ১১৩.২৪ লাখ টকা আৰু ২০১৮-১৯ বৰ্ষত ১৮.৭৫ লাখ টকাৰ বিশেষ পেকেজ ঘোষণা কৰা বুলি মন্তব্য কৰে।

ইয়াৰ বিপৰীতে, কেৰেলাৰ ইড্ডুকি জিলাৰ বাবে ২০১৭-১৮ বৰ্ষত ৩২৪.৩৪ লাখ আৰু ২০১৮-১৯ বৰ্ষত ৩৭.৩২ লাখ টকাৰ বিশেষ পেকেজ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

লগতে, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাবে কেন্দ্ৰই ২০১৭-১৮ বৰ্ষত অনুমোদন দিছিল ৪৯.১৩ লাখ আৰু ২০১৮-১৯ বৰ্ষত ৮৯.৪৬ লাখ টকা।

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰীগৰাকীৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে ২০১৭-১৮ বৰ্ষত মুঠ ৪৮৬.৭১ লাখ টকা আৰু ২০১৮-১৯ বৰ্ষত ১৪৫.৫৩ লাখ টকা ইতিমধ্যে অনুমোদন দিছে বুলি প্ৰকাশ পায়।

ইয়াৰদ্বাৰা এটা কথা স্পষ্ট হৈছে যে ক্ষুদ্র চাহ খেতিয়ক সকলৰ সমস্যা সমাধানৰ বাবে কেন্দ্র চৰকাৰে কোনোধৰণৰ বিশেষ পদক্ষেপ গ্রহণ কৰা নাই।

এই সন্দৰ্ভত আজি সংসদৰ মজিয়াত সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ‘অসমত হাজাৰ-হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। এনে পৰিপ্ৰেক্ষিতত উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰ বাবে প্ৰদান কৰা বিশেষ পেকেজ অতি নগন্য।‘

বৰাই লগতে এই বিশেষ পেকেজৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।