NORTHEAST NOW (Assamese)
অসম

উত্তৰ প্ৰদেশত ১৪৪ ধাৰা ভংগ কৰি আটক প্ৰিয়ংকা গান্ধী ভাদ্ৰা; বিনাচৰ্তে মুক্তিৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2019 10:27 pm

উত্তৰ প্ৰদেশৰ সোণভদ্ৰাত হোৱা এটা হত্যাকাণ্ডৰ খবৰ লবলৈ যাওঁতে স্থানীয় আৰক্ষী বাহিনীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাক বাধা আৰোপ কৰাত ৰাজপথতে সমৰ্থকৰ সৈতে ধৰ্ণাত বহিছিল প্ৰিয়ংকাই।

উল্লেখযোগ্য যে, অঞ্চলটোত ১৪৪ ধাৰা বাহাল ৰখা হৈছিল আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ১৪৪ ধাৰা ভংগ কৰাৰ অপৰাধাত আৰক্ষীয়ে  আটক কৰিছিল।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত ক্ষুব্ধ  কংগ্ৰেছ কৰ্মীসকলে দেশজুৰি প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়।

দেশজুৰি কংগ্ৰেছ কৰ্মীসকলে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, কংগ্ৰেছ কৰ্মীসকলে ৰাজীৱ ভৱনৰ সন্মুখত অগণতান্ত্ৰিক পদ্ধতিৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আটক কৰা কাৰ্য্যক সহ্য কৰা নহ’ব আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে।