NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত পথ মেৰামতিৰ নামত দুৰ্নীতি; নিৰ্মাণৰ ৪৮ ঘণ্টাৰ পিছতে বখলা-বখলে এৰিছে পকী পথ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা July 20, 2019 6:39 pm

নগাঁও জিলাৰ পুৰণিগুদামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ ৪৮ ঘণ্টা নৌহওঁতেই চপৰা-চপৰে খহিলে শিলগুটি আলকতৰা মিশ্ৰণৰ ডাঠ প্ৰলেপ।

পুৰণিগুদাম কেঞাপট্টীৰ সুদীৰ্ঘ মসৃণ ৰাজপথ চোৱা মেৰামতি কৰাৰ পিছত হোৱা চৰম দুৰৱস্থাক কেন্দ্ৰ কৰি ৰাজ্যৰ সংশ্লিষ্ট গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে এতিয়া চুড়ান্ত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰাজপথ চোৱাত সৃষ্টি হৈছে দীঘলীয়া নলাৰ, চিৰাল ফাট দিছে পথৰ বৃহৎ অংশ।

উল্লেখযোগ্য যে শুক্ৰবাৰে পুৱাৰ পৰা শনিবাৰে দুপৰীয়া পৰ্য্যন্ত প্ৰায় ৪-৫ টা সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত প্ৰায় ৫-৬ জনকৈ লোক আঘাতপ্ৰাপ্ত হ’ব লগীয়া হোৱাৰ লগতে শুক্ৰবাৰে নিশা এজন অচিনাক্ত বাইক আৰোহীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বিভাগৰ সংশ্লিষ্ট ঠিকাদাৰে ধন আত্মসাৎ কৰি নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা চামগুৰি পৰ্য্যন্ত সুদীৰ্ঘ ৰাজপথ চোৱা মেৰামতিৰ ক্ষেত্ৰত চূড়ান্ত বিসংগতিমূলকভাবে কাম কৰি হাত সাৰিব বিচৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

লগতে আজি স্থানীয় ৰাইজে কদৰ্যময় ৰাজপথ চোৱা শীঘ্ৰে পুনৰ মেৰামতি কৰি যাতায়াত সুচল কৰিবৰ বাবে চৰকাৰ, সংশ্লিষ্ট বিভাগ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।