NORTHEAST NOW (Assamese)
অসম

অসমৰ বানপানীৰ বাবে অভিনেত্ৰী সীমা বিশ্বাসে আগবঢ়ালে ৫ লাখ টকাৰ বৰঙণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2019 6:49 am
WhatsApp-Image-2019-07-20-at-6.22.34-PM-750x430

বানৰ কবলত পৰি অসমৰ ৰাইজৰ দুৰ্দশাৰ মাজতে দেশৰ বহু তাৰকাই সাহায্য আগবঢ়াই বদান্যতা প্ৰকাশ কৰিছে। চলচ্চিত্ৰ তথা থিয়েটাৰ জগতৰ বলিষ্ঠ অভিনেত্ৰী অসম কন্যা সীমা বিশ্বাসে শনিবাৰে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।

অসমৰ নলবাৰীৰ পৰা ভাৰতীয় চলচ্চিত্ৰ তথা থিয়েটাৰ জগতত বিশেষ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা সীমা বিশ্বাসক শ্বেখৰ কাপুৰৰ ‘বেণ্ডিট কুইন’ ছবিখনত ফুলন দেবীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সকলোৱে প্ৰশংসা কৰি আহিছে।

সীমা বিশ্বাসে ‘বেণ্ডিট কুইন’ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। তদুপৰি, সীমাই বলিউদৰ বহুকেইখন চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰৰ অভিনয় ৰূপায়ন কৰি দৰ্শকৰ অন্তৰত সাঁচ বহুৱাবলৈ সক্ষম হৈছে।

ইতিমধ্যে, বিশিষ্ট ছবি পৰিচালিকা ৰীমা দাসেও মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ অনুদান আগবঢ়াইছে। তদুপৰি, বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়েও অসমৰ বানাক্ৰান্ত সকলৰ বাবে ১ লাখ টকাৰ সাহায্য আগবঢ়ায়।

উল্লেখযোগ্য যে বড়োচা সমন্বয় বঁটাত বিশিষ্ট সাহিত্যিকগৰাকীয়ে ১ লাখ টকাৰ মাননি লাভ কৰিছিল। আৰু তেওঁ বঁটাত লাভ কৰা এই মাননি অমসৰ বানপীড়িত ৰাইজৰ বাবে আগবঢ়ায়।

ইপিনে, চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰোয়েলছৰ হৈ খেলি দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰা ভাৰতৰ উদীয়মান ক্ৰিকেটাৰ তথা অসম সন্তান ৰিয়ান পৰাগেও মুখ্য মন্ত্ৰী বান সাহায্য পুঁজিলৈ ১ লাখ টকা বৰঙণি হিচাপে আগবঢ়ায়।