NORTHEAST NOW (Assamese)
অসম

হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ : পুনৰ আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2019 11:31 am
maxresdefault

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সাজু হৈছে।

সোমবাৰৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ চলিব বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিব দিয়ে।

ফেৰী সেৱা আৰম্ভ হ’লে ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ীকে ধৰি গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজত যাতায়ত কৰা যাত্ৰীসকলে সকাহ লাভ কৰিব।

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠৰ প্ৰতি লক্ষ্যৰাখি গুৱাহাটী মহানগৰ প্ৰশাসনে যোৱা ১১ জুলাইৰ সন্ধিয়াৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছিল।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ স্বাভাৱিক নোহোৱা পৰ্য্যন্ত অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল।

অৱশ্যে, ফেৰীসেৱা বন্ধ থকাৰ সময়ত উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী মহানগৰীলৈ যাতায়তৰ ক্ষেত্ৰত যাতে জনসাধাৰণে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্যৰাখি জিলা প্ৰশাসনে সাময়িকভাৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ নিশা পৰ্য্যন্ত এ এছ টি চি বাছ সেৱা অব্যাহত ৰখাৰ ব্যৱস্থা কৰিছিল।