NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বান বিধ্বস্ত অঞ্চলত ৰাজ্যপাল জগদীশ মুখী 

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 21, 2019 5:10 pm
Governor visit

‘অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা কৰাৰ দাবীতকৈ ইয়াৰ স্থায়ী সমাধানৰ দাবী কৰাহে উচিত। অসমত হোৱা বানপানীৰ প্ৰভাৱ কাশ্মীৰত নপৰে ৷ বানপানী অসমৰ বাবে এটা জটিল সমস্যা ৷ কেন্দ্ৰৰ সহযোগত স্থানীয় ভাৱে এই সমস্যাৰ স্থায়ী সমাধান হ’ব লাগে’। আজি কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি সাংবাদিকক এই দৰে কয় অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৷ 

দেওবাৰে কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল’বৰ বাবে হেলিকপ্তাৰেৰে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অৱতীৰ্ণ হয় ৰাজ্যপাল গৰাকী। তাৰ পাছতেই তেওঁ বোকাখাত নগৰৰ নামদৈয়াং প্ৰাথমিক বিদ্যালয়ত থকা বন্যাৰ্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকৰ সৈতে তেওঁলোকৰ সমস্যাৰ বুজ লয়।

শিৱিৰত আশ্ৰয় লৈ থকা লোক সকলৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যপাল গৰাকীয়ে পানী শুকোৱাৰ পাছত নিজৰ নিজৰ বাসগৃহলৈ ওভতি যোৱা পৰিয়াল সমূহক কিছু দিনৰ বাবে বান সাহায্য দিবৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। 

ইয়াৰ উপৰি তেওঁ বানৰ পাছত হ’ব পৰা ৰোগ প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত পৰিমানে ব্লিচিং পাউদাৰ আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবৰ বাবেও প্ৰশাসনক আহ্বান জনায় ৷

নামদৈয়াং বনশিৱিৰৰ পাছতে তেওঁ ডিফলু পথাৰ শিৱিৰ পৰিদৰ্শন কৰি কাজিৰঙাৰ মিহিমুখত উপস্থিত হয় ৷ ৰাজ্যপালৰ এই ভ্ৰমনত সহযোগ কৰে বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জিলা উপায়ুক্ত আৰু কাজিৰঙাৰ বিষয়া বৰ্গই।

কাজিৰঙাত তেওঁ মিহিমুখৰ পৰাই বান পৰিস্থিতিৰ বুজ লৈ বন বিষয়াৰে ৰাষ্ট্ৰীয় উদ্যানত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। লগতে ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে আৰু অধিক হাইলেণ্ড নিৰ্মানৰ বাবে পৰামৰ্শ দিয়ে। প্ৰতিকুল বতৰৰ বাবেই কাজিৰঙাৰ মিহিমুখ দৰ্শন কৰিয়েই পুনৰ হেলিকপ্তাৰেৰে উৰা মাৰে ৰাজ্যপাল গৰাকীয়ে।