NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু; শোকস্তব্ধ অঞ্চলবাসী

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা July 23, 2019 10:39 am
Electrocution

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰা-দ্বাৰাপাৰাত এজন লোক বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শালপাৰা দ্বাৰাপাৰা প্ৰথম খণ্ড গাঁৱৰ গাঁওবুঢ়া ইনট্ৰেনচ ৰাভাই (৭৫) নিজ বাসগৃহৰ দমকলত সংলগ্ন পানী মটৰ মেৰামতি কৰিবলৈ লওতেই কৰুণ ঘটনাটো সংঘটিত হয়।

শ্বট চাৰ্কিতৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীৰ মাজত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ৷

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক আৰু মাটিয়া ৰাজহ চক্ৰৰ বিষয়া তথা দণ্ডাধীশ মানস বৰা উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে উক্ত গাঁৱৰে এগৰাকী যুৱতী বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱতি লৈছিল। এটা মাহৰ ভিতৰতে দুটাকৈ সংঘটিত এনে বিদ্যুৎস্পৃষ্ট ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গাঁওখনত।