NORTHEAST NOW (Assamese)
অসম

সত্ৰাধিকাৰৰ যৌন কেলেংকাৰি : অভিযুক্ত “সত্ৰাধিকাৰ”ক চৰিত্ৰহীন আখ্যা কমলাবাৰী সত্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2019 10:08 pm
sexual assault on minor girl in assam's hojai

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ যৌন কেলেংকাৰিৰ বিতৰ্কৰ পিছতে ৰাজ্যত ছ’চিয়েল মিডিয়া কঁপাই আছে অসম চৰকাৰৰে সাংস্কৃতিক বিভাগৰ অধীনত প্ৰশিক্ষক হিচাপে কৰ্মৰত এজন “সত্ৰাধিকাৰ”ৰ যৌন কেলেংকাৰিয়ে।

অভিযোগ মতে, নিজকে কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ বুলি দাবী কৰা বিজয় কৃষ্ণ গোস্বামীয়ে তেওঁৰ ঘৰত বনকৰা হিচাপে থকা এগৰাকী কিশোৰীক নিয়মীয়াকৈ ধৰ্ষণ কৰি অহাৰ ফলত কিশোৰীগৰাকী অন্তঃসত্ত্বা হয় আৰু অলপতে জি এম চি এইচ্ছত এটি কন্যা সন্তান প্ৰসৱ কৰে।

অভিযোগ মতে, বাইহাটা আৰক্ষীৰ পৰাও কোনো আইনী সহায় নাপালে ভুক্তভোগী পৰিয়ালটোৱে।

ইপিনে অভিযুক্ত বিজয় কৃষ্ণ গোস্বামী নামৰ “সত্ৰাধিকাৰ”জনে নিজকে কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ বুলি দাবী কৰিছে যদিও এই কথাৰ সত্যতা অস্বীকাৰ কৰিছে কমলাবাৰীৰ সত্ৰৰ সত্ৰাধিকাৰে।

“তেওঁক পঁচাশী চনতে ইয়াৰ পৰা বিদায় দিয়া হ’ল। তেওঁ সৰুৰে পৰা নাছিল। ঘৰৰ পৰা পলাই আহিহে ইয়াত সোমাই আশ্ৰয় লৈ আছিল। আছিল আছিল আৰু। আমি তেওঁক ডেকা অধিকাৰ পাতিলো হেঁতেন। কিন্তু চৰিত্ৰহীন কাৰণে তেওঁক ডেকা অধিকাৰৰ নিৰ্মালি দিয়া নহ’ল। আমি ভকতসৱ গোট খাই তেওঁক ইয়াৰ পৰা বিদায় দিলো। তেওঁৰ ঘৰ হ’ল বৰপেটাৰ সুন্দৰীয়া সত্ৰ। আমাৰ লগত এতিয়া কোনো সম্বন্ধ নাই”, Assam Talks নামৰ এটা সংবাদ প্ৰতিষ্ঠানক কমলাবাৰীৰ সত্ৰৰ সত্ৰাধিকাৰে ফোন দিয়া ভাষ্য এয়া।

একেটা সংবাদ প্ৰতিষ্ঠানৰ আগতে অভিযুক্ত বিজয় কৃষ্ণ গোস্বামীৰ ভাষ্য, “এইটো সম্ভৱ নহয়, গাঁৱৰ মানুহে যদি মোক বিচাৰলৈ মাতে মই নিশ্চয় যাম। কিন্তু গাঁৱৰ মানুহে মোক মতা নাই।”

অভিযুক্ত গোস্বামী বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰশিক্ষক হিচাপে ছিপাঝাৰত কৰ্মৰত। এসময়ত সত্ৰ মহাসভাৰো দায়িত্বত আছিল এওঁ।

ইপিনে ছ’চিয়েল মিডিয়া য়ুজাৰে সত্ৰাধিকাৰ বিজয় কৃষ্ণ গোস্বামীৰ এই কাণ্ডটোক ব্যাপক গৰিহণা দিছে।

স্থানীয় লোকসকলে যুৱতীগৰাকীক ন্যায় দিবলৈ দাবী উত্থাপন কৰিছে।

“ঘটনাটোৰ তদন্ত হ’ব লাগে। উচিত বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে দোষীক শাস্তি দিব লাগে”, এজন স্থানীয় লোকৰ মত।