NORTHEAST NOW (Assamese)
অসম

বানে বিধ্বস্ত কৰা বৰপেটাৰ বিভিন্ন অঞ্চলৰ আশ্ৰয় শিবিৰত সাহায্য প্ৰদান জিলা আমছুৰ

Posted by: আনিছুজ জামান Updated by: আনিছুজ জামান July 26, 2019 10:05 am
IMG-20190725-WA0029

ৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলামৰ নেতৃত্বত এটা সঁজাতি দলে বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন বান বিধ্বস্ত অঞ্চলত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উপৰি বন্যাৰ্ত সকলৰ মাজত কিছু পৰিমানে সাহায্য সামগ্ৰী বিতৰণ কৰে।

সঁজাতি দলটোৱে জিলাখনৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ধুমাৰপাথাৰ আৰু বতিয়ামাৰী গাঁৱৰ বানপীড়িতই আশ্ৰয় লোৱা  শিবিৰত উপস্থিত হৈ শিবিৰত থকা লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ লগতে আঠুৱা বিতৰণ কৰে।

উল্লেখ্য যে জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, বেকী, পহুমাৰা, পল্লা, কালদিয়া, ভেলেঙী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জিলাখনৰ বিভিন্ন অঞ্চল। ফলত চাৰিওফালে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ কৱলত পৰি শ শ হেক্টৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে একাংশৰ সপোনৰ ঘৰখনো উটুৱাই নিছে কালান্তক বানে।

আনহাতে শিবিৰত থকা বানাক্ৰান্ত লোকে খাদ্যৰ সমস্যাত ভোগাৰ লগতে খাদ্যৰ অভাৱত ঠায়ে ঠায়ে পশু ধনৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। কিন্তু চৰকাৰ কিম্বা জিলা প্ৰশাসনে বানপীড়িতক কোনো ধৰণৰ সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ইয়াৰ বিপৰীতে সাহায্য প্ৰদানৰ উদ্দেশ্যে যোৱা আমছুৰ উক্ত সঁজাতি দলটোত অংশগ্ৰহণ কৰে বৰপেটা জিলা আমছুৰ উপ সভাপতি আব্দুল জুব্বাৰ আলী, সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰৰ লগতে কেইবাজনো আমছু কৰ্মীয়ে। আনহাতে দুৰ্যোগৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢোৱা আমছুৰ এনে মহানুভৱতাক সচেতন ৰাইজে ভূয়সী প্ৰসংসা কৰে।