NORTHEAST NOW (Assamese)
অসম

শদিয়াত ব্ৰহ্মপুত্ৰৰ এৰা সুঁতিত বৃহৎ পৰিমাণৰ খয়ৰ কাঠ জব্দ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ July 27, 2019 12:37 pm
IMG-20190727-WA0007

তিনিচুকীয়া জিলাৰ শদিয়াত আজি পুৱা বৃহৎ পৰিমাণৰ খয়ৰ কাঠ জব্দ কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি শদিয়াৰ বনাঞ্চলিক বিষয়াৰ তৎপৰতাত প্ৰায় ২০ লক্ষাধিক টকা মূল্যৰ চোৰাং খয়ৰ কাঠ জব্দ কৰা হয়।

শদিয়াৰ বছাগাঁৱৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ এৰা সূঁতিত মেচিন নাঁওসহ চোৰাং খয়ৰ কাঠখিনি জব্দ কৰা হয় ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অম্বিকাপুৰৰ পৰা অৰুণাচলৰ আলুবাৰী ঘাটলৈ মূল্যৱান কাঠ সমূহ সৰবৰাহ কৰিছিল বুলি সন্দেহ কৰা হৈছে।

প্ৰকৃতিপ্ৰেমী সকলে সমগ্ৰ ঘটনাত জড়িত চোৰাং খয়ৰ মাফিয়া চক্ৰটোক উৎখাত কৰিবলৈ দাবী জনাইছে ৷

উল্লেখযোগ্য যে উজনি অসমত চোৰাং খয়ৰ কাঠৰ ভয়ংকৰ চিণ্ডিকেট চলি আছে ৷ একাংশ ৰাজনৈতিক নেতাৰ ঘনিষ্ঠৰ সহযোগত অৰুণাচলৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা হয় মূল্যৱান কাঠ।

উজনি অসমত একাংশ বন বিষয়া আৰু চোৰাং কাঠ মাফিয়াৰ পৃষ্ঠপোষকতাত একাংশ বনদস্যুৱে উজনি অসমত ব্যাপক হাৰত চিণ্ডিকেট চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

এক গোপন সূত্ৰৰ তথ্য অনুসৰি অৰুণাচলৰ তেজু আৰু চুনপোৰা বনাঞ্চল নিঃশেষ কৰি এইসকল বনদস্যুৱে অবৈধ ব্যৱসায় চলাইছে। ধলাৰ এটা প্ৰতিষ্ঠানৰ নামত ভুৱা টি পি নিৰ্মাণ কৰি চিণ্ডিকেটৰ লগত জড়িত মাফিয়াই এই অবৈধ চোৰাং কাঠ দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে।

তাৎপৰ্যপূৰ্ণভাৱে, এই সমগ্ৰ অবৈধ ব্যৱসায়ৰ লগত তিনিচুকীয়া জিলাৰ এজন শাসকীয় দলৰ বিধায়ক জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। মাহেকৰ মূৰত এইসকল বনদস্যুৰ পৰা বিধায়কজনে মোটা অংকৰ ধন লাভ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, এই ক্ষেত্ৰত সততে বন বিভাগক লৈ সোচ্চাৰ হৈ থকা বনমন্ত্ৰীৰ ভূমিকাও ৰহস্যজনক। বনমন্ত্ৰীক বাৰে বাৰে প্ৰকৃতিপ্ৰেমী সকলে অভিযোগ দিয়াৰ পাছতো আজিলৈকে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইপিনে, জব্দকৃত খয়াৰ কাঠ সমূহ কোন দুষ্টচক্ৰই সৰবৰাহ কৰিছিল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও শদিয়া বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন সুৰক্ষা বাহিনীৰ এটা দলে এই সমগ্ৰ চোৰাং খয়ৰ কাঠ সৰবৰাহ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।