NORTHEAST NOW (Assamese)
Popular Stories

ব’লব’মলৈ যাওঁতে পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হৈ শিল্পী সুস্মিতা ৰায়সহ অসমৰ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 29, 2019 6:52 pm

পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত কোকৰাঝাৰৰ একেটা পৰিয়ালৰ চাৰিজন সদস্যই থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ভয়াৱহ দুৰ্ঘটনাটোত নিহতসকল হ’ল ক্ৰমে  কোচ ৰাজবংশীৰ উদীয়মান শিল্পী তথা কোকৰাঝাৰ জিলাৰ ছালাকাটি নিৱাসী সুস্মিতা ৰায়, তেওঁৰ পিতৃ ৰাজকুমাৰ ৰায়, তেওঁৰ ককাক আৰু আইতাক ক্ৰমে জগেশ কুমাৰ ৰায় আৰু প্ৰমিলা ৰায়।

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত সকল হ’ল সুস্মিতা ৰায়ৰ মাতৃ কৈল্যাণী ৰায় আৰু তেওঁৰ ভগ্নী কুমকুম ৰায় আৰু আৰোছী ৰায় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহতসকলক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি আলিপুৰদুৱাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছে। তদুপৰি স্থানীয় আৰক্ষীয়ে নিহতকেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আলিপুৰদুৱাৰলৈ প্ৰেৰণ কৰিছে।

ঘটনাৰ বিৱৰণি মতে শাওন মাহ উপলক্ষে ৰাজকুমাৰ ৰায়ে তেওঁলোকৰ পৰিয়ালটো লৈ বলবমলৈ গৈছিল।

কোকৰাঝাৰৰ ছালাকাটিৰ পৰা তেওঁলোকৰ পৰিয়ালৰ পাঁচজন আৰু পশ্চিমবংগত থকা ৰাজকুমাৰৰ পিতৃ-মাতৃক লৈ সাতজনীয়া পৰিয়ালটো বলবমৰ পৰা উভতি অহাৰ পথতে উক্ত কৰুণ তথা ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

পৰিয়ালটো বলবমৰ পৰা উভতি অহাৰ পথত পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ কালচিনিত তেওঁলোকৰ এ এছ ০১ বি ৱাই ০১৮৩ নম্বৰৰ চেভ্ৰলেট গাড়ীখনক বিপৰীত দিশৰ পৰা অহা এখন ১৮ চকীয়া ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

আনহাতে কোকৰাঝাৰৰ নিৱাসী ৰাজকুমাৰ ৰায়ৰ কন্যা সুস্মিতা ৰায় কোচ ৰাজবংশীৰ এগৰাকী উদীয়মান শিল্পী আছিল আৰু পৰিয়ালটোৰ আজি এনেদৰে হোৱা কৰুণ মৃত্যুত স্থানীয় অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

ইফালে ছালাকাটি স্থানীয় ব্যৱসায়ী সকলে পৰিয়ালটোৰ মৃত্যুত আজি স্থানীয় বন্ধ পালন কৰে। আক্ৰাছুৰ ছালাকাটি আঞ্চলিক কমিটিৰ সভাপতি হৰিকান্ত ৰায়ে পৰিয়ালৰ চাৰিজন সদস্যৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এয়া কোচ ৰাজবংশী কলা-কৃষ্টি -সংস্কৃতিৰ বাবে গভীৰ ক্ষতি বুলি মন্তব্য কৰে।