NORTHEAST NOW (Assamese)
অসম

৩৫৯,৪৫,৭০,০০০ টকা চাহ শ্ৰমিকৰ বেংকত জমা হ’ল; কিন্তু মুঠ একাউণ্টৰ তথ্য সংগ্ৰহ কৰি আছে অসম চৰকাৰে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 31, 2019 9:09 pm
Assam tea labourers: Rs 359 crore released by Govt of Assam during year '17-18, '18-19

অসমৰ চাহ বাগিচাৰ শ্ৰমিকক ’১৭-১৮ আৰু ’১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰে “বেংকযোগে” আদায় দিছে মুঠ ৩৫৯,৪৫,৭০,০০০ টকা।

কিন্তু, অসমৰ কিমান চাহ শ্ৰমিকৰ বেংক একাউণ্ট আছে সেই তথ্য এতিয়াও সংগ্ৰহ কৰিহে আছে ৰাজ্য চৰকাৰে।

অসম বিধান সভাত বকোৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰত বুধবাৰে এইসমূহ লিখিত তথ্য প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দত্তই।

“নগদবিহীন ধন লেনদেন প্ৰক্ৰিয়াটোক উৎসাহ যোগাবলৈ আৰু বেংক একাউণ্টত মজুৰি লোৱা শ্ৰমিকক উৎসাহিত কৰিবলৈ অসম চৰকাৰে শ্ৰমিকৰ একাউণ্টত ৫০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই ধন ২৫০০ টকাকৈ দুটা কিস্তিত আদায় দিয়া হৈছে,” চাহ শ্ৰমিকৰ বেংক একাউণ্ট সন্দৰ্ভত “তথ্য সংগ্ৰহ কৰি থকা হৈছে” বুলি সদৰী কৰি মন্ত্ৰী দত্তৰ উত্তৰ।

শ্ৰম কল্যাণ বিভাগৰ হৈ হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই বিধান সভাত দাখিল কৰা তথ্য:

চন শ্ৰমিকৰ সংখ্যা (গৰাকী) ধনৰাশি (টকা)
২০১৭-১৮ ৬,২৬,৯৬১ ১৫৬,৭৪,০২,৫০০
২০১৮-১৯ ৭,১৫,৯৭৯ ২০২,৭১,৬৭,৫০০

তাৎপৰ্য্যপূৰ্ণভাৱে, “স্থায়ী” আৰু “অস্থায়ী” ধৰি অসমৰ চাহ বাগিচাত থকা মুঠ শ্ৰমিকৰ তথ্য ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ হাতত আছে। চৰকাৰৰ তথ্য মতে, অসমৰ পঞ্জীয়নভুক্ত বাগানত মুঠ ৬,৭৬,৮৩৫জন শ্ৰমিক আছে।

“অসমত মুঠ ৮৪১খন পঞ্জীয়নভুক্ত চাহ বাগিচা আছে। ইয়াত থকা শ্ৰমিকৰ সংখ্যা ৩৮৫৬১২ (স্থায়ী) আৰু ২৯১২২৩ (অস্থায়ী) জন,” সদনত মন্ত্ৰীজনে দাখিল কৰা তথ্য।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুই অভিলাষী আঁচনি “জন ধন যোজনা” আৰু “ডিজিটেল ইণ্ডিয়া”ক লৈ অসমত চলা বহুল প্ৰচাৰৰ বিপৰীতে চাহ বাগিচাত আঁচনিসমূহৰ ৰূপায়ণ অদ্যপি পুতৌজনক।

চৰকাৰী হিচাপত, ৮৪১খন চাহ বাগিচাৰ ৮১৩খনতে এতিয়াও নগদ ধনেৰেই দি থকা হৈছে মজুৰি।

“২৮খন চাহ বাগিচাই শ্ৰমিকসকলক বেংক একাউণ্টৰ জৰিয়তে মজুৰি দি আছে,” শ্ৰম আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে বিধান সভাত মন্ত্ৰীৰ তথ্য।

নৰেন্দ্ৰ মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ পিছত অসমৰ চাহ বাগিচাত এতিয়ালৈকে স্থাপন হৈছে মুঠ ৪৯৩টা এ টি এম। “বাগিচাই বাগিচাই এ টি এম” যোৱা লোকসভা নিৰ্বাচনত শাসক দলৰ শ্ল’গান আছিল।

বিধান সভাৰ মজিয়াত মন্ত্ৰীয়ে দাখিল কৰা এইসমূহ তথ্যৰ পিছতে বিজেপি চৰকাৰে “ঠগাইছে” বুলি সৰৱ হৈ উঠিছে বকোৰ বিধায়িকা নন্দিতা দাস।

শাসক দলটোৰ সকলো প্ৰতিশ্ৰুতি “নিৰ্বাচনী চমক” বুলি উল্লেখ কৰি দাসে নৰ্থ ইষ্ট নাওক কয়, “নিৰ্বাচনী প্ৰচাত বিজেপিয়ে যিসমূহ কথা কৈছিল, তাৰ সত্যতাটো মোৰ প্ৰশ্নৰ উত্তৰত নাপালো। বিজেপিয়ে দিয়া ডিজিটেল ফাণ্ড ত্ৰান্সফাৰ অৰ্থাৎ চাহ বাগিচাত বেংক একাউন্টৰ জৰিয়তে মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল।”

অসমৰ চাহ বাগিচাসমূহ কংগ্ৰেছৰ দীৰ্ঘদিনৰ “ভোটবেংক”ৰূপে চৰ্চিত হৈ অহাৰ বিপৰীতে শেহতীয়া নিৰ্বাচনসমূহত গেৰুৱা দলে এই এলেকাসমূহত লক্ষণীয় আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

কিন্তু কংগ্ৰেছ বিধায়িকা দাসৰ মতে, “ৰাইজক আভুৱা ভাঁৰিছে বিজেপিয়ে। তথ্যত আমি এটা কথাই গম পালো যে চাহ বাগিচাৰ লোকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকক চৰকাৰখনে ঠগাইছে।”