NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে নিৰীক্ষক নিয়োগ কৰিছে নিৰ্বাচন আয়োগে

Posted by: এন ই নাও নিউজ January 28, 2018 6:24 pm
প্ৰতিনিধিত্বমূলক ছবি

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যখনলৈ ২৫ জন সাধাৰণ নিৰীক্ষক, ১৯ জন ব্যয় নিৰীক্ষক আৰু ৮ জন আৰক্ষী নিৰীক্ষকক নিয়োগ কৰিছে।

সাধাৰণ নিৰীক্ষককেইজন হৈছে উত্তৰ প্ৰদেশ, কৰ্ণাটক, মধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পৰা আহিব লগীয়া ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া। তেওঁলোক ৩১ জানুৱাৰিৰ ভিতৰত ত্ৰিপুৰা আহি পোৱাৰ সম্ভাৱনা আছে আৰু ভোটগননাৰ দিন (৩ মাৰ্চ)লৈকে ৰাজ্যখনত থাকিব।

প্ৰাপ্ত খবৰ মতে, আৰক্ষী নিৰীক্ষক কেইগৰাকীও একে সময়তে আহি পোৱাৰ কথা। ৩১ জানুৱাৰি হৈছে মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন। আৰক্ষী নিৰীক্ষক কেইগৰাকীয়ে বিধানসভা নিৰ্বাচনটোৰ বাবে নিৰাপত্তা ব্যৱস্থাক পৰ্যবেক্ষণ কৰিব। ৩ মাৰ্চলৈকে তেওঁলোক দ্বায়িত্বত থাকিব।

আনহাতে, ২৪ জানুৱাৰিৰ পৰা মনোনয়ন দাখিল আৰম্ভ হোৱা নিৰ্বাচনৰ ব্যয় নিৰীক্ষক কেইগৰাকী ইতিমধ্যে ৰাজ্যখনত উপস্থিত হৈছেহি। ৪ মাৰ্চলৈকে তেওঁলোক দ্বায়িত্বত থাকিব।

পক্ৰিয়া অনুসৰি নিৰ্বাচন সম্পৰ্কে যিকোনো ধৰণৰ যোগাযোগৰ বাবে আটাইকেইজন নিৰীক্ষকৰ নাম, ইমেইল ঠিকনা আৰু ফোন নম্বৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত আপল’ড কৰা হৈছে।

উল্লেয্য যে ত্ৰিপুৰাত ১৮ ফেব্ৰুৱাৰিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মাৰ্চত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।