NORTHEAST NOW (Assamese)
অসম

পশ্চিম বংগত অসমৰ ডি এছ পিয়ে সাতজাঁই গুলীৰে কাবু কৰিলে গো-মাফিয়াক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2019 6:39 pm
DSP_Trinayan_Bhuyan

আজি ধুবুৰী আৰক্ষীৰ এটা দলে কুখ্যাত গো-মাফিয়াক আটক কৰিবলৈ গৈ গো-মাফিয়াৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হয় যদিও অৱশেষত গো-মাফিয়াকেইজনক কাবু কৰিবলৈ সক্ষম হয়।

ধুবুৰীৰ কুখ্যাত গো-মাফিয়া আব্দুল জব্বৰে পশ্চিম বংগৰ বক্সিৰহাটত (অসমৰ সীমামূৰীয়া ঠাই) আশ্ৰয় লৈ থকাৰ কথা জানিব পাৰি আজি পুৱাৰ ভাগতে ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অসম আৰক্ষীৰ দলটো জব্বৰক আটক কৰিবলৈ গৈছিল।

লগতে পঢ়ক বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ আক্ৰমণত হাত ছিগিল বি এছ এফ জোৱানৰ

কিন্তু জব্বৰক আটক কৰিবলৈ চেষ্টা কৰোতেই আন কেইজনমান গৰুৰ চোৰাং কাৰবাৰীয়ে অসম আৰক্ষীৰ দলটোক শিলগুটি দলিয়াই আক্ৰমণ কৰে।

আৰক্ষীৰ দলটোক চোৰাং কাৰবাৰীকেইজনে ঘেৰি ধৰি আবদ্ধ কৰিবলৈ চেষ্টা কৰাত শূন্যলৈ সাতজাঁইকৈ গুলী চালনা কৰিব লগীয়া হয়।

অৱশেষত ভূঞা নেতৃত্বাধীন অসম আৰক্ষীৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আব্দুল জব্বৰক আটক কৰি বক্সিৰ হাট আৰক্ষী থানালৈ আনে। আজিয়েই গো-মাফিয়াজনক ধুবুৰীলৈ অনাৰ কথা।