NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ ডিমাকুছিত দুৰ্বৃত্তৰ আক্ৰমণত এজন ব্যক্তি নিহত

Posted by: ছাজিদ খান January 28, 2018 8:06 pm
নিহত কল্প ৰাভাৰ মৃতদেহ

এজন ব্যক্তিৰ ৰসহ্যজনক হত্যাকাণ্ডক কেন্দ্ৰ কৰি ওদালগুৰি জিলাৰ অন্তৰ্গত বৃহত্তৰ ডিমাকুছিত চাঞ্চল্যই বিৰাজ কৰি আছে।

শনিবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষি চকীৰ অন্তৰ্গত খাউমুচুঙা অঞ্চলত কেইজনমান অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি ৪০ বছৰীয়া এজন ব্যক্তিক নৃশংসভাৱে হত্যা কৰে।

নিহত ব্যক্তিজনক কল্প ৰাভা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি কল্প ৰাভাই শনিবাৰে সন্ধিয়া পত্নীৰ লগত চাইকেলেৰে ঘৰলৈ বুলি আহি থকা অৱস্থাত মটৰচাইকেলত অহা তিনিজন যুৱকে তেওঁলোকৰ সৈতে কাজিয়াত লিপ্ত হয়। দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰাভাক ৰক্ষা কৰিবলৈ তেওঁৰ পত্নীয়ে ওচৰ-চুবুৰীয়াৰ সহায় বিচাৰি যায় যদিও ঘূৰি আহি ৰাভাক মৃত অৱস্থাত উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত লোকজনৰ পৰিয়ালৰ সদস্যই ডিমাকুছি আৰক্ষি চকীত এখন এজাহাৰ দাখিল কৰে।

বাতৰি লিখা পৰলৈকে কোনো লোককে আটক কৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিষয়টোৰ অনুসন্ধানত নামি পৰিছে বুলি জানিব পৰা গৈছে।