NORTHEAST NOW (Assamese)
অসম

চামগুৰি খাটোৱালত জটিল ৰোগত আক্ৰান্ত ৩ বছৰীয়া শিশু; অসমবাসীক সহায়ৰ আহ্বান

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা August 5, 2019 9:36 pm
Untitled

মাত্ৰ তিনি বছৰীয়া বিকাশ নাথ নামৰ এটি কণমাণি মৰমলগা শিশু আক্ৰান্ত জটিল ৰোগত। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আৰু খাটোৱাল আৰক্ষী থানাৰ অধীনৰ খাটোৱাল গাঁৱৰ বাসিন্দা মুকুট চন্দ্ৰ নাথ আৰু পিংকী দেৱীৰ পুত্ৰ বিকাশ জটিল ৰোগত আক্ৰান্ত হোৱাত দৰিদ্ৰ পৰিয়ালটোলৈ অন্ধকাৰ নামি আহিছে।

কৃষিকৰ্ম কৰি কোনো মতে জীৱন-নিৰ্বাহ কৰা দৰিদ্ৰ পিতৃ-মাতৃয়ে পুত্ৰৰ সু-চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। প্ৰথমে শিশুটিক নগাঁও টাউনত তাৰ পাছত গুৱাহাটী জি এম চি এইচত চিকিৎসা কৰাইছিল যদিও শিশুটো আৰোগ্য হোৱা নাই বুলি পিতৃ-মাতৃয়ে জানিবলৈ দিছে।

শিশুটিক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰাবলৈ পৰামৰ্শ দিছে যদিও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো ৰাজ্যৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসা কৰাবলৈ সক্ষম নহয়।

অসহায় পিতৃ-মাতৃয়ে এতিয়া পুত্ৰৰ চিকিৎসাৰ সহায় বিচাৰি অসমবাসী ৰাইজৰ লগতে স্বাস্থ্য মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছে।

যদি কোনো সদাশয় লোকে শিশুটিক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে ৬০০০২-৩১০৯০ নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে ভাৰতীয় ষ্টেট বেংক, চামগুৰি শাখাৰ ৩৫৭৬৪৫০৮৯৭০ নম্বৰৰ একাউণ্টত আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব।