NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰম্ভ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 5, 2019 10:21 pm

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ তিনিচুকীয়াত অনুষ্ঠিত হ’ব। গোৱালপাৰাত অনুষ্ঠিত ৩৫ সংখ্যক অধিৱেশনে গ্ৰহণ কৰা প্ৰস্তাৱ মৰ্মে অহা জানুৱাৰিত তিনিচুকীয়াত উক্ত অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

সেই উদ্দেশ্য আগত ৰাখি কালি অৰ্থাৎ ৪ আগষ্টত তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদে তিনিচুকীয়াৰ চেনাই ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক আদৰণি সমিতি গঠন কৰে।

জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অমৰৰঞ্জন দুৱৰাই সভাপতিত্ব কৰা আদৰণি সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰসন্ন কুমাৰ বৰুৱাই।

আজিৰ সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা নগেন দাস, উপ সভাপতি বিজয় কৃষ্ণ দও, সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ, যুটীয়া সম্পাদক শ্যামন্ত দাস, প্ৰদীপ ৰাজখোৱা, শদিয়া, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি, সম্পাদক, প্ৰতিনিধি, তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে।

অধিৱেশনখন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে তিনিচুকীয়া জিলাৰ উপায়ুক্ত অই নামচৰন সিঙক সভাপতি হিচাপে লৈ এক আদৰণী সমিতি গঠন কৰাৰ লগতে আদৰণী সমিতিত নথকা সকলক লৈ বিভিন্ন উপ-সমিতি গঠন কৰি সকলোকে নিজৰ  দায়িত্ব পালন কৰি যাৱলৈ সভাই আহ্বান জনাইছে।