NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ মথুৰাপুৰত পুখুৰীত পৰি এজন লোকৰ সলিল সমাধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2019 10:40 pm
Two children drown in Tripura

শিৱসাগৰ জিলাৰ মথুৰাপুৰ মাজগাঁও অঞ্চলত আজি সন্ধিয়া পুখুৰীত পৰি এজন লোকৰ সলিল সমাধি ঘটে। নিহত লোকজনক অঞ্চলটোৰ নৃপেন ওৰাং (৩৬) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে মাজগাঁও অঞ্চলৰ এজন লোকে নতুনকৈ খন্দোৱা এটা পুখুৰীত অসাৱধানবশতঃ পিচল খাই নৃপেন ওৰাং নামৰ লোকজনে কৰুণ মৃত্যুক সাবটি ল’ব লগীয়া লয়।

উল্লেখযোগ্য যে একাংশ স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি পুখুৰীটোৰ পৰা তুলি আনিছিল যদিও ইতিমধ্যে লোকজনে প্ৰাণ ত্যাগ কৰে।

জানিব পৰা মতে তেওঁ স্থানীয় মথুৰাপুৰ চাহ বাগিচাৰ এগৰাকী অস্থায়ী শ্ৰমিক আছিল। পিছত মথুৰাপুৰ আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি মৃতদেহ টো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।