NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বুঢ়াপাহাৰৰ পৰা মাকৰ পৰা বিচ্ছেদিত গঁড় পোৱালি উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 6, 2019 5:39 pm

শেহতীয়াভাৱে হৈ যোৱা বানৰ পিছত এতিয়া কাজিৰঙাৰ বিভিন্ন ঠাইৰ পৰা বনৰীয়া জীৱ-জন্তু উদ্ধাৰ হৈ থকাৰ খবৰ আহি আছে। আজি পুৱা বুঢ়াপাহাৰ বনাঞ্চলৰ হাতীমুড়া অঞ্চলৰ পৰা এটা ডেৰ বছৰীয়া গঁড়ৰ পোৱালি উদ্ধাৰ কৰা হয়।

বানপানীত মাকৰ পৰা বিচ্ছেদ হোৱা গঁড় পোৱালিটোক যোৱা কিছুদিনৰ পূৰ্বে হাতীমুড়া অঞ্চলত বন কৰ্মীয়ে প্ৰত্যক্ষ কৰিছিল আৰু পোৱালিটোৰ শৰীৰত আঘাতৰ চিন থকা বুলি জনাইছিল।

পিছত আজি পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ পশুচিকিৎসক আৰু উদ্ধাৰকাৰী দলে হাতীমুড়াৰ পৰা এবছৰীয়া গঁড় পোৱালিটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কেন্দ্ৰটোলৈ লৈ আনে।

পশু চিকিৎসক ডা০ চামচুল আলীয়ে চেতনা নাশক প্ৰয়োগ কৰি বনকৰ্মীৰ সহযোগত কৰায়ত্ত কৰা গঁড় পোৱালিটোক সম্প্ৰতি কেন্দ্ৰটোতে পৰ্যবেক্ষণত ৰখা হৈছে।

বাঘৰ আক্ৰমণত পোৱালিটো আহত হোৱা বুলি পশু চিকিৎসকে সন্দেহ কৰিছে যদিও বৰ্তমান সংকতমুক্ত বুলি জানিবলৈ দিয়ে।

এই গঁড় পোৱালিটোক লৈ এইবাৰৰ বানপানীৰ সময়ত কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ পাঁচটা গঁড়ৰ পোৱালি কেন্দ্ৰটোলৈ অনা হয় ৷ ইয়াৰে তিনিটা সম্পূৰ্ণ সুস্থ যদিও দুটা পোৱালিক এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷