NORTHEAST NOW (Assamese)
অসম

মৃত্যুৰ আগমুহূৰ্ততো ১ টকা দিবলৈ থকাৰ কথা মনত পেলাই গ’ল সুষমা স্বৰাজে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2019 7:34 pm
Sushma Swaraj-Harish Salve: Moments before death, Sushma Swaraj reminded Harish Salve of his one rupee fee

মৃত্যুৰ কেইমুহূৰ্তমান আগতো নিজৰ মন্ত্ৰিত্ব কালৰ ১ টকা পৰিশোধৰ কথা মনত পেলাই গ’ল সুষমা স্বৰাজে।

বিজেপিৰ জনপ্ৰিয় নেত্ৰীগৰাকী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন প্ৰথমখন কেন্দ্ৰীয় চৰকাৰৰ বিদেশ মন্ত্ৰী আছিল।

তেওঁৰ কাৰ্য্যকালত হেগস্থিত ইণ্টাৰনেচনেল ক’ৰ্ট অৱ জাষ্টিচত কূলভূষণ যাদৱ গোচৰটোত ১ টকা পাৰিশ্ৰমিক লৈ ভাৰতৰ হৈ যুঁজিছিল জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেই।

গোচৰটোত আন্তঃৰাষ্ট্ৰীয় আদালতখনে চূড়ান্ত ৰায়দান কৰিলে যদিও চালভেই এতিয়ালৈকে লোৱা নাছিল ১ টকাৰ পাৰিশ্ৰমিক।

সেই কথাকে মঙলবাৰৰ ৰাতি মৃত্যুৰ প্ৰায় এঘণ্টা পূৰ্বে অধিবক্তাজনক সোঁৱৰাই দিছিল প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকীয়ে।

বুধবাৰে এই কথা সংবাদ মাধ্যমক সদৰী কৰে অধিবক্তা চালভেই।

স্বৰাজৰ লগত তেওঁৰ সম্পৰ্ক ভাই-ভনীৰ দৰে আছিল বুলিও অধিবক্তাজনে মন্তব্য কৰে।

সুষমা স্বৰাজেও ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতিৰেই নিজৰ পেছাদাৰী জীৱন আৰম্ভ কৰিছিল।