NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ মাজমজিয়াৰ বৃহত্তৰ এলেকাজুৰি ব্যাহত পানী যোগান, জাননী জল ব’ৰ্ডৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 8, 2019 6:09 pm
Water supply interrupted in parts of Guwahati

গুৱাহাটী মহানগৰীৰ এচোৱা বৃহত্তৰ এলেকাজুৰি ব্যাহত হৈছে খোৱাপানী যোগান।

মহানগৰীৰ গণেশগুৰি, খ্ৰীষ্টানবস্তি, ৰাজগড়, ৰুক্মিনী গাওঁ, শ্ৰীনগৰ, তৰুণ নগৰ, অম্বিকাগিৰী নগৰ, হেঙেৰাবাৰী, ৰূপনগৰ, জাপৰিগোগ, ভাস্কৰ নগৰ, সৰুমটৰীয়া আৰু জটিয়া অঞ্চলত পানীযোগানত ব্যাঘাত জন্মিছে।

জু ৰ’ড পানী যোগান আঁচনিত কাৰিকৰী বিজুতিৰ বাবে বৃহস্পতিবাৰৰে পৰা অহা ১১ আগষ্টলৈকে পানীযোগান সেৱা ব্যাহত হ’ব।

গুৱাহাটী মেত্ৰপলিটান ড্ৰিংকিং ৱটাৰ এণ্ড চিৱাৰিজ ব’ৰ্ডৰ কাৰ্য্যবাহী অভিযন্তাই জনোৱা মতে, এটা “ৰ ৱটাৰ পাম্প”ত বিজুতি ঘটাৰ বাবে এই অসুবিধা হৈছে।

Water supply disrupted in parts of Guwahati

“এতিয়া কেৱল এটা পাম্পহে চলি আছে…সেয়ে সকলো গ্ৰাহকক তেওঁলোকৰ সমৰ্থন আগবঢ়াবলৈ আৰু আমাৰ সৈতে এই প্ৰতিকূল পৰিস্থিতি সহিবলৈ অনুৰোধ জনোৱা হৈছে,” কাৰ্য্যবাহী অভিযন্তাৰ বিবৃতিত প্ৰকাশ।