NORTHEAST NOW (Assamese)
অসম

ৰিলায়েন্সৰ ঘোষণা-৭০০ টকাত পাব Jio Gigafiber : লাভ কৰিব বিনামূলীয়াকৈ LED টিভি

Posted by: এন ই নাও নিউজ August 12, 2019 1:37 pm
RIL hydrocarbon division announces salary cuts, Mukesh Ambani to forgo entire compensation

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে (আৰ আই এল) আজি আয়োজন কৰা ইয়াৰ ৪২ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে এক নতুন প্লেন ঘোষণা কৰে।

আম্বানীয়ে জিঅ’ গিগাফাইবাৰৰ প্লেন সম্পৰ্কে জানিবলৈ দি কয় যে গ্ৰাহকে প্ৰতিমাহে ৭০০ টকাৰ বিনিময়ত ইয়াৰ ব্ৰডবেণ্ড সেৱা লাভ কৰিব পাৰিব।

ৰিলায়েন্সৰ অধ্যক্ষগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে হোম ব্ৰডবেণ্ড সেৱা জিঅ’ গিগাফাইবাৰৰ সৈতে গ্ৰাহকে 1GBPSলৈকে ব্ৰডবেণ্ড স্পীড, লেণ্ডলাইন ফোন, আল্ট্ৰা হাই ডেফিনেশ্যন ইন্টাৰনেট, মাল্টি-পাৰ্টি ভিডিঅ’ কনফাৰেন্স, হোম ছিকিউৰিটিকে ধৰি কেইবাটাও সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।

জিঅ’ গিগাফাইবাৰ বাণিজ্যিকভাৱে অহা ৫ ছেপ্টেম্বৰৰ পৰা উপলব্ধ হ’ব।

জিঅ’ গিগাফাইবাৰৰ প্লেনসমূহ ৭০০ টকাৰ পৰা ১০,০০০ টকালৈকে থাকিব।

প্ৰিমিয়াৰ জিঅ’ গিগাফাইবাৰৰ গ্ৰাহকে চলচ্চিত্ৰ এখন মুক্তি পোৱাৰ প্ৰথম দিনটোতে ঘৰতে বহি ছবিখন উপভোগ কৰিব পাৰিব।

জিঅ’ গিগাফাইবাৰৰ ৱেলকাম অফাৰৰ ঘোষণাও কৰা হৈছে। জিঅ’ৰ পাইবাৰ বাৰ্ষিক প্লেন লোৱা গ্ৰাহকক  4K/HD TVছেট আৰু 4K ছেটআপ বক্স বিনমূলীয়াকৈ আগবঢ়োৱা হ’ব।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে ইয়াৰ বাৰ্ষিক সাধাৰণ সভাত জানিবলৈ দিয়ে যে এতিয়ালৈকে জিঅ’ৰ গ্ৰাহকৰ সংখ্যা ৩৪০ মিলিয়নতকৈয়ো অধিক হৈছে।

তদুপৰি কোনো এখন দেশত অপাৰেট হোৱা এইটো হৈছে বিশ্বৰ দ্বিতীয়টো টেলিকম কোম্পানী।