NORTHEAST NOW (Assamese)
অসম

ফেচবুকত মোদী, শ্বাহৰ আপত্তিজনক প’ষ্ট চেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী August 15, 2019 8:00 am
111-2-750x375

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ আপত্তিজনক ফটো, লিংকছ আদি ফেচবুকত আপল’ড দিয়াৰ অপৰাধত কোকৰাঝাৰ আৰক্ষীয়ে আজিয়াৰ ৰহমান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা আজিয়াৰৰ ঘৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱৰ মহম্মদ নুৰজামাল শ্বেখৰ পুত্ৰ বুলি জানিবলৈ দিয়ে।

গ্ৰেপ্তাৰ সংক্ৰান্তত কোকৰাঝাৰৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয়, ‘প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ কিছুমান সাংঘাতিক আপত্তিজনক তথা অশ্লিল লিংকছ আৰু বিকৃত ফটো যোৱা ১৩ আগষ্টত ফেচবুকত আপল’ড দিয়া পৰিলক্ষিত হয়’।

সেই তথ্যৰ ভিত্তিত ফকিৰাগ্ৰাম আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়।

ভাৰতীয় দণ্ডবিধি আইনৰ আৰ/ডব্লিউ ৬৬ আই টি এক্ট ২০০০ৰ ১২০(বি)/১৫৩/১৫৩(এ)/২৯৪/৫০৬ ধাৰাৰ অধীনত ৯৮/২০১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়।

‘পিছত সেই গোচৰৰ ভিত্তিত বিতং অনুসন্ধান চলোৱাত আজিয়াৰ ৰহমান নামৰ যুৱকজনে নিজৰ ফেচবুকৰ টাইমলাইনত সেই সমূহ আপত্তিজনক বস্তু চেয়াৰ কৰিছিল বুলি নিশ্চিত হওঁ’। এয়া আৰক্ষীৰ ভাষ্য।

আৰক্ষীয়ে যুৱকজনক কোকৰাঝাৰৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত শক্তি আশ্ৰম মাৰ্কেটৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ জেৰাত যুৱকজনে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ আপত্তিজনক ফটোৰ লগতে আন কিবা কিবি আপল’ড দিয়া বুলি স্বীকাৰ কৰে।

আৰক্ষীয়ে যুৱকজনৰ পৰা এটা এম আই ন’ট ৫ মোবাইল, দুখন ছিম কাৰ্ড জব্দ কৰিছে।