NORTHEAST NOW (Assamese)
অসম

বৃহৎ পৰিমাণৰ গাঞ্জাৰ সৈতে ৰেইলৱে আৰক্ষীৰ জালত বিহাৰৰ যুৱক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 16, 2019 11:33 am
b0c75d50-9140-4a8e-aaea-8716e0d8d545

আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোকজনৰ নাম বিৰাজ কিশোৰ কুমাৰ (২৬)। যুৱকজনৰ ঘৰ বিহাৰৰ বৈশালিত বুলি জানিব পৰা গৈছে।

পুৱা ৭ বজাত ৰেইলৱে আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখী সুন্দৰী এক্সপ্ৰেছত অভিযান চলাই গাঞ্জাসহ যুৱকজনক কৰায়ত্ত কৰে।

জব্দকৃত গাঞ্জাখিনিৰ ওজন ৭ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ত্ৰিপুৰাৰ পৰা বিহাৰৰ হাইদৰপুৰলৈকে গাঞ্জা খিনি সৰবৰাহ কৰাৰ উদ্দেশ্যৰে লৈ আহিছিল বুলি ৰেইলৱে আৰক্ষী সূত্ৰই জনায়।

অধিক তথ্য সংগ্ৰহৰ বাবে বৰ্তমান যুকজনক ৰেইলৱে আৰক্ষীয়ে জেৰা চলাই আছে।