NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি মুম্বাইত সাক্ষাৎকাৰ; ৰবি শাস্ত্ৰীৰ সম্ভাৱনা সজীৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2019 4:22 pm
Ravi Shastri with kohli

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে সাক্ষাৎকাৰ। সাক্ষাৎকাৰ চলি আছে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইৰ মুখ্য কাৰ্যালয়ত।

কোন হ’ব ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক, সেয়া নিৰ্ধাৰণ কৰাৰ দায়িত্ব কপিল দেব নেতৃত্বাধীন ক্ৰিকেট পৰামৰ্শদাতা সমিতিৰ।

কপিল দেবৰ উপৰি সমিতিখনত আছে অংশুমান গাইকোৱাৰ আৰু শান্তা ৰংগাস্বামী।

জানিব পৰা মতে আজি সন্ধিয়া এক সংবাদমেলৰ জৰিয়তে পৰৱৰ্তী প্ৰশিক্ষকৰ নাম ঘোষণা কৰিব।

উল্লেখ্য যে কেইবা গৰাকীয়েও প্ৰশিক্ষক হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও বি চি আইয়ে তাৰ মাজৰ পৰা সাক্ষাৎকাৰৰ বাবে ছয়গৰাকীক বাচনি কৰি উলিয়াইছিল।

বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ উপৰি ভাৰতৰ প্ৰাক্তন খেলুৱৈ লালচন্দ ৰাজপুত আৰু ৰবিন সিং, মাইক হেছন, ফিল ছিমন্স, টম মুদীয়ে আজি প্ৰশিক্ষক পদৰ বাবে সাক্ষাৎকাৰ প্ৰদান কৰিব।

জানিব পৰা মতে কেৱল লালচন্দ ৰাজপুত, ৰবিন সিং আৰু মাইক হেছনেহে বি চি চি আইৰ কাৰ্যালয়ত উপস্থিত হৈ সাক্ষাৎকাৰ প্ৰদান কৰিব।

ইফালে অন্য কেইজনে স্কাইপৰ জৰিয়তে সাক্ষাৎকাৰত অংশ ল’ব। এক সূত্ৰই জনোৱা অনুসৰি বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে পুনৰ এবাৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিব।

২০১৭ চনৰ জুলাই মাহত দ্বিতীয়বাৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ পাছত ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতীয় দলে ২১ খন টেষ্ট মেচ খেলিছিল আৰু ইয়াৰ ভিতৰত ১৩ খনত জয়লাভ কৰে।

আনহাতে, ভাৰতীয় দলটোৱে ৩৬ খন টি-২০ খেলৰ ভিতৰত ২৫ খনত জয়লাভ আৰু ৬০ খন এদিনীয়া খেলৰ ভিতৰত ২৫ খনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

লক্ষ্যণীয় কথাটো হ’ল ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতীয় দলৰ প্ৰদৰ্শন সন্তোষজনকে যদিও ২০১৯ বৰ্ষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ফেভাৰিট হিচাপে অৱতীৰ্ণ হৈয়ো ছেমিফাইনেলৰ পৰা বিদায় লবলগীয়া হৈছিল।