NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ অধিবক্তা এ.পি. সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আইন ছাত্ৰ সন্থাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 20, 2020 8:18 pm

নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তৰ অধিবক্তা এ.পি. সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাই। বাৰ কাউন্সিল অৱ ইণ্ডিয়াক উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাব বুলি আমাৰ সাংবাদিকক জানিবলৈ দিছে আইন ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহক মৃন্ময় কলিতাই।

‘এ.পি. সিঙৰ বিৰুদ্ধে বাৰ কাউন্সিল অৱ ইণ্ডিয়াত এখন অভিযোগ নামা দাখিল কৰিম। আমি বিচাৰো যাতে এনেধৰণৰ মানসিকতা থকা অধিবক্তা থাকিব নালাগে। বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতি অনুৰোধ তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘ কলিতাই এইদৰে কয়।

ইপিনে, অধিবক্তাগৰাকীয়ে কৰা মন্তব্যৰ গৰিহনা দি তেওঁ কয় ‘এ.পি. সিঙ যিটো বৃত্তিত আছে সেয়া আইনৰ বৃত্তি। গতিকে এই ক্ষেত্ৰত তেওঁ এই বৃত্তিত থাকি অপৰাধীকেইজনৰ হকে মাত মাতিছে। এইটো তেওঁৰ সংবিধানে দিয়া অধিকাৰ। কিন্তু তাৰ পৰিৱৰ্তে তেওঁ নিশা ১২-১২:৩০ লৈকে ছোৱালীজনী ঘূৰি আছে বুলি কিয় মন্তব্য কৰিলে? সেইটো এগৰাকী যুৱতীক সংবিধানে দিয়া অধিকাৰ, এইক্ষেত্ৰত তেওঁ মাত মাতিবলগীয়া একো নাই।‘

তেওঁ লগতে কয় ‘ছোৱালীজনী ঘূৰিলে বুলিয়েই তেওঁৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তুলিব নেকি? তেওঁ এই মন্তব্যৰে আইনৰ বৃত্তিত কালিমা সানিলে। মানৱতাৰ দৃষ্টিৰে চালে অপৰাধীকেইজনৰ অধিবক্তা হৈয়ে তেওঁ মানৱতাক চৰম আঘাত কৰিছে।’

উল্লেখযোগ্য যে ২০১২ চনৰ ১৬ ডিচেম্বৰৰ নিশা দিল্লীত সংঘটিত নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ চাৰিজন অভিযুক্তক আজি পুৱা ৫.৩০ মান বজাত তিহাৰ জেইলত ফাঁচি দিয়া হয়।