NORTHEAST NOW (Assamese)
অসম

মেঘালয় আৰক্ষীক নৰ্থ-ইষ্ট নাওৰ বিৰুদ্ধে জাৰি কৰা জাননী প্ৰত্যাহাৰৰ আহ্বান ইণ্ডিয়ান জাৰ্নেলিষ্টছ য়ুনিয়নৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2019 5:19 pm
iju-750x358

নৰ্থ-ইষ্ট নাওত প্ৰকাশিত এটা বাতৰি উঠাই লবলৈ আৰু ইয়াৰ উৎস ৰাজহুৱা কৰাৰ বাবে মেঘালয় আৰক্ষীয়ে দেখুওৱা অগণতান্ত্ৰিক পদক্ষেপক কঠোৰ নিন্দা কৰিছে ভাৰতীয়া সাংবাদিক সংঘ(আই জে য়ু)য়।

শুকুৰবাৰে প্ৰকাশিত জাননীখনত মেঘালয় আৰক্ষীয়ে সংবাদ মাধ্যম সমূহৰ ইয়াৰ উৎসসমূহৰ বিষয়ে ৰাজহুৱা নকৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বিশেষ অধিকাৰ নাই বুলি কোৱা কথাকো সমালোচনা কৰে সংঘয়।

এনেধৰণৰ বিষয়ে ৰাজ্যৰ মিডিয়া ভাতৃত্ববোধৰ ক্ষেত্ৰত আৰক্ষীৰ প্ৰতি শংকা আৰু ক্ষমতাৰ অপব্যাৱহাৰ সম্ভাৱনা বৃদ্ধি কৰে বুলিও প্ৰকাশ কৰা হয়।

নৰ্থ-ইষ্ট নাওত মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু বৰ্তমান বিধানসভাৰ বিৰোধী দলপতি মুকল চাংমাই বিজেপিত যোগদান কৰিব পাৰে বুলি প্ৰকাশিত এটা বাতৰিৰ পাছতে বিতৰ্কৰ আৰম্ভণি হয়।

প্ৰকাশিত বাতৰিটোৰ পাছতে মেঘালয় আৰক্ষীয়ে চাংমাৰ নিৰ্দেশত চি আৰ পি চিৰ ধাৰা ৯১ ৰ অধীনত নৰ্থ-ইষ্ট নাওলৈ বাতৰিটো উঠাই লোৱাৰ বাবে আৰু ইয়াৰ উৎস ৰাজহুৱা কৰাৰ বাবে এখন জাননী জাৰি কৰিছিল।

আনহাতে, ভাৰতীয় সাংবাদিক সংঘৰ ফালৰ পৰা প্ৰকাশ কৰা প্ৰতিক্ৰিয়ামূলক জাননীখনত সংঘৰ  সভাপতি আৰু প্ৰেছ কাউঞ্চিল অব ইণ্ডিয়াৰ সদস্য ডি অমৰ আৰু মহাসচিৱ লগতে আই এফ জেৰ সভাপতি চাবিনা ইন্দ্ৰজিতে আৰক্ষীৰ কাৰ্য্যক ক্ষমতাৰ অপব্যৱহাৰ হিচাপে অভিহিত কৰি বাতৰি সদায় ঘৃণা আৰু বিদ্বেষৰ পৰা দূৰত বুলি কয়।

উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনোধৰণৰ অপৰাধী গোচৰ পঞ্জীয়ণ কৰা হোৱা নায়।

আই জে য়ু আৰু উত্তৰ-পূব ভাৰত সাংবাদিক ফেডাৰেশ্যনে দুয়োপক্ষকে বিষয়টো সমাপ্ত কৰাৰ বাবে আহ্বান জনায় সংবাদ মাধ্যমক ইয়াৰ উৎস ৰাজহুৱা কৰিবলৈ কোৱাটো অন্যায় বুলি মত প্ৰকাশ কৰে।

আই জে য়ুৱে মেঘালয় আৰক্ষীকো নৰ্থ-ইষ্ট নাওৰ বিৰুদ্ধে জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।