NORTHEAST NOW (Assamese)
Popular Stories

দুৰ্দান্ত গতি অক্ষুণ্ণ ৰাখি স্বৰ্ণকন্যা হিমা দাসৰ ষষ্ঠটো সোণৰ পদক অৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2019 2:11 pm

নিজৰ দুৰ্দান্ত গতি অক্ষুণ্ণ ৰাখি ধিং এক্সপ্ৰেছ তথা স্বৰ্ণকন্যা হিমা দাসৰ আন এক সাফল্য। দুমাহৰ ভিতৰত স্বৰ্ণ কন্যা হিমা দাসে ষষ্ঠটো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

এথলেটিকী মিটিংক ৰিটাৰত মহিলাৰ ৩০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় হিমা দাস। চেক গণৰাজ্যত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন।

পূৰ্বতেও ২০ জুলাইত চেক গণৰাজ্যত অনুষ্ঠিত ৪০০ মিটাৰ দৌৰত দৌৰৰাণী হিমাই শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। ৫২.০২ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি মাহৰ পঞ্চমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

তাৰোপৰি ২ জুলাইত পোলেণ্ডত অনুষ্ঠিত ‘পোজনান এথলেটিকছ গ্ৰাণ্ড পিক্সত’ মহিলাৰ ২০০ মিটাৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিছিল হিমা দাসে। উক্ত প্ৰতিযোগিতাত তেওঁ ২৩.৬৫ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰে।

ইয়াৰ পিছত ৭ জুলাইত পুনৰ পোলেণ্ডৰ কুটন’ এথলেটিকছ মিট আৰু ১৩ জুলাইত ক্লাডন’ এথলেটিকছ মিটত ক্ৰমে ২৩.৯৭ চেকেণ্ড আৰু ২৩.৪৩ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

১৭ জুলাইত চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।