NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী : তালিকাৰ পৰা বাহিৰ যোগী আদিত্যনাথ! ইণ্ডিয়া টুডেৰ সমীক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2025 9:30 am

জনপ্ৰিয়তাৰ হাৰ ৫১ শতাংশৰ পৰা ৫৫ শতাংশলৈ বৃদ্ধি পোৱাৰ পিছতে বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইণ্ডিয়া টুডেএম অ’ টি এন সমীক্ষা অনুসৰি হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ বিজেপি মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰা হৈছে।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ শেহতীয়া ইণ্ডিয়া টুডে মুড অৱ দ্য নেচন (এম অ’ টি এন) সমীক্ষাত তেওঁৰ অনুমোদনৰ ৰেটিং ৫১ শতাংশৰ পৰা ৫৫.৪ শতাংশলৈ বৃদ্ধি পাইছে।

সমীক্ষাত প্ৰকাশ পাইছে যে অসমৰ ৫৫% তকৈ অধিক লোকে তেওঁৰ কৰ্মক্ষমতাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে। ফলত হিমন্ত বিশ্ব শৰ্মা অসমৰ তৃতীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে

হিমন্ত বিশ্ব শৰ্মাৰ পিছতে এই তালিকাত স্থান আছে চন্দ্ৰবাবু নাইডু, মমতা বেনাৰ্জী আৰু সিদ্ধাৰমাইয়াৰ

উল্লেখ্য যে ক্ৰমাগতভাবে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বাঢ়ি আহিছে। ২০২৩ চনৰ আগষ্ট মাহত অসমত তেওঁৰ জনপ্ৰিয়তাৰ হাৰ আছিল ৪৯.২% ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৪৮.৬% লৈ বৃদ্ধি পায়। ২০২৪ চনৰ আগষ্ট মাহত জনপ্ৰিয়তা ৫০.৮% লৈ বৃদ্ধি পায়। তাৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ হাৰ হয়গৈ ৫৫.৪%

উল্লেখ্য যে দেশৰ ভিতৰত জনপ্ৰিয়তাৰ ফালৰ পৰা শীৰ্ষ স্থানত থকা মুখ্যমন্ত্ৰীজন হৈছে ছিকিমমুখ্যমন্ত্ৰী প্ৰেম সিং তামাং।  ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ জনপ্ৰিয়তাৰ হাৰ ৬২.১ শতাংশ

আনহাতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ জনপ্ৰিয়তাৰ হাৰ ৫৬.৮%