NORTHEAST NOW (Assamese)
অৰুণাচল

উত্তৰ-পূর্বাঞ্চলৰ সৈতে প্ৰভু শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ ৫টা চমৎকাৰী কিংবদন্তি তথা পৌৰাণিক গাথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 8:03 pm
Lord-Krishna-750x375

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ কিংবদন্তি তথা পৌৰাণিক গাথাসমূহত প্ৰায়েই প্ৰভু শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ ঘটা দেখা যায়।

১. দাবী অনুসৰি, প্ৰভু শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিনী অৰুণাচল প্ৰদেশৰ ইদু মিচিমি জনগোষ্ঠীৰ কন্যা। পৌৰাণিক কাহিনী মতে এক মনে নিবিচৰা বিবাহ প্ৰতিৰোধ কৰিবলৈ কৃষ্ণই বীৰত্ব প্ৰদৰ্শনেৰে ৰুক্মিনীক হৰণ কৰি দ্বাৰকালৈ (গুজৰাট) লৈ গৈছিল।

ইদু মিচিমি জনজাতীয় সম্প্ৰদায়ৰ লোকলকলৰ মাজত ‘ৰুক্মিনী হৰণ’ নাটক আৰু নৃত্য বহুলভাৱে প্ৰচলিত। কিছুমানে বিশ্বাস কৰে যে ৰুক্মিনী নামনি দিবাং উপত্যকাৰ ৰইঙৰ পৰা ৩০ কিলোমিটাৰ আঁতৰত অৱস্থিত এখন পৌৰাণিক স্থান ভীষ্মক নগৰৰ আছিল।

২. প্ৰভু শ্ৰীকৃষ্ণই এক বৃহৎ সাম্ৰাজ্যৰ (মধ্য অসমৰ তেজপুৰকে ধৰি) শাসনকৰ্তা অসুৰ ৰাজ বানাসুৰৰ সৈতে এক অগ্নিযুদ্ধত প্ৰবৃত্ত হৈছিল। প্ৰভু শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধক অপহৰণৰ পাছতে যুদ্ধখন সংঘটিত হৈছিল।

অনিৰুদ্ধই বানাসুৰৰ কন্যা ঊষাৰ প্ৰেমত পৰিছিল আৰু ঊষাৰ বান্ধৱী চিত্ৰলেখাই তাইৰ অলৌকিক শক্তিৰে অনিৰুদ্ধক অপহৰণ কৰি ঊষাৰ কাষলৈ লৈ আনিছিল। ইয়াৰ পৰিণতিতে কৃষ্ণ আৰু বানাসুৰৰ মাজত যুদ্ধ সংঘটিত হৈছিল। শিৱই তেওঁৰ ভক্ত বানাসুৰক ৰক্ষা কৰিবলৈ যুদ্ধ প্ৰবৃত্ত হৈছিল। অৱশেষত অনিৰুদ্ধই ঊষাক বিবাহ কৰায়।

৩. অসুৰ সম্ৰাট নৰকাসুৰক প্ৰভু শ্ৰীকৃষ্ণই বধ কৰিছিল। নৰকাসুৰে এক সন্ত্ৰাসৰ ৰাজত্ব চলাইছিল আৰু সত্যভামাৰ অনুৰোধত প্ৰভু শ্ৰীকৃষ্ণই (তেওঁৰ স্বামী) অসুৰ সম্ৰাটৰ বিৰুদ্ধে যুদ্ধত প্ৰবৃত্ত হৈছিল।

কৃষ্ণই নৰকাসুৰৰ বিশাল দুৰ্গত আক্ৰমণ কৰিছিল। তেওঁ নৰকাসুৰৰ সেনাৰ বিৰুদ্ধে নাৰায়নাস্ত্ৰ আৰু আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিছিল। যুদ্ধখন ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। প্ৰভু শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি ‘মুৰা’কো বধ কৰিছিল। সেয়েহে, কৃষ্ণক ‘মুৰাৰি’ বুলিও কোৱা হয়।

৪.  প্ৰভু শ্ৰীকৃষ্ণই ১৬,১০০ নাৰীক নৰকাসুৰৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল আৰু তেওঁলোকক বিবাহ কৰিছিল। অসুৰ ৰজাগৰাকীয়ে বলপূৰ্বকভাৱে এই ১৬,১০০ নাৰীক বন্দী কৰি ৰাখিছিল।

৫. তদুপৰি, এইটোও কোৱা হয় যে প্ৰতাপী অসুৰ বানাসুৰৰ ককাক ৰজা ভালুকাকো প্ৰভু শ্ৰীকৃষ্ণই বধ কৰিছিল। অৱশ্যে, ভালুকাক প্ৰভু শ্ৰীকৃষ্ণই কিয় হত্যা কৰিছিল সেয়া এতিয়াও জনা নাযায়। ভালুকাৰ ৰাজ্যৰ ৰাজধানী আছিল বৰ্তমান পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুঙত।