NORTHEAST NOW (Assamese)
অসম

যুৱতী ক্ৰয় কৰবিলৈ অহা নাৰী সৰবৰাহকাৰীক কৰায়ত্ত কৰি ৰাইজে গতালে আৰক্ষীক

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা August 26, 2019 10:45 am

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে নগাঁও জিলাৰ চামগুৰি। ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনাই জোকাৰি গৈছে চামগুৰি কেইবাটাও গ্ৰাম্যাঞ্চল।

দেওবাৰে নিশাও এনে এক ঘটনাই সংঘটিত হয় চামগুৰিত। চামগুৰিৰ শিয়াল খাইটিৰ স্থানীয় ৰাইজে নিশা আমনিতএটা দুধৰ্ষ নাৰী সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত নাৰী সৰবৰাহকাৰীজনক হুছেইন আলী ওৰফে ৰাজু বুলি চিনাক্ত কৰা হৈছে।

ধৃত আলী ওৰফে ৰাজুৱে ৫০ হাজাৰ টকাৰ বিনিময়ত তিনি গৰাকী যুৱতীক কিনি নিয়াৰ চুক্তি কৰিছিল। ইফালে তিনি গৰাকী যুৱতীক ধনৰ বিনিময়ত বিক্ৰী কৰা হ’ব বুলি প্ৰলোভন দি শিয়ালখাইটিৰ এগৰাকী যুৱতীয়ে কুখ্যাত ৰাজুক মাতি পঠিয়াইছিল।

উল্লেখযোগ্য যে পূৰ্বেও গাঁওখনৰ দুগৰাকীকৈ যুৱতী হাইদৰাবাদত বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ আছে ৰাজুৰ বিৰুদ্ধে। ইয়াৰে এগৰাকী যুৱতীৰ আজি পৰ্য্যন্ত সন্ধান নাই, আন গৰাকী হাইদৰাবাদৰ পৰা কৌশলৰে পলাই আহি নিজৰ ঘৰত উপস্থিত হোৱা লগে লগেই পোহৰলৈ আহিছিল কুখ্যাত ৰাজুৰ কু-কৰ্মকাণ্ড।

ধৃত হুছেইন আলী ওৰফে ৰাজুক স্থানীয় ৰাইজে নিশায়ে গটাই দিলে চামগুৰি আৰক্ষীক। ইফালে সন্ধানহীন যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে ধৃত অভিযুক্ত ৰাজুক নিজৰ জিম্মাত লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে।